গুৱাহাটী, ১২ নৱেম্বৰ : এমট্ৰনৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক চাৰি দিনৰ CID ৰ জিম্মালৈ প্ৰেৰণ । কোটিটকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত হুজুৰী । বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱা ৰাহুল হুজুৰীক শুকুৰবাৰে CID য়ে হাজিৰ কৰাইছিল আদালতত । CID য়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল যদিও মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে হুজুৰীক চাৰি দিনৰ CID ৰ জিম্মালৈ প্ৰেৰণ কৰে ।
উল্লেখ যে, বিত্তীয় খেলিমলিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল এমট্ৰনৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক । CID য়ে বৃহস্পতিবাৰে চানমাৰি থানাৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছিল গাণনিক বিষয়া ৰাহুল হুজুৰীক । এমট্ৰনৰ একাউণ্টৰ পৰা ২ কোটি ৫৭ লাখ টকা হৰলুকী হোৱাৰ ঘটনা সন্দৰ্ভত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ।
এই সন্দৰ্ভত মহানগৰীৰ পাণবজাৰ থানা আৰু CID ত দুটাকৈ গোচৰ ৰুজু হৈছে । ৮ নৱেম্বৰত বেংক অৱ মহাৰাষ্ট্ৰৰ পাণবজাৰ শাখাৰ পৰা ট্ৰান্সফাৰ হৈছিল প্ৰায় ২.৫৭ কোটি টকা । ৰাহুল হুজুৰীৰ মেইলৰ পৰা ৮ নৱেম্বৰত বেংক কৰ্তৃপক্ষলৈ মেইল কৰা হৈছিল ।কেইবাটাও একাউণ্টত ধন পঠিয়াবলৈ মেইল কৰিছিল গাণনিক বিষয়া ৰাহুল হুজুৰীয়ে ।
কিন্তু এমট্ৰনৰ কৰ্তৃপক্ষ জ্ঞাত নাছিল এই ধন ট্ৰান্সফাৰ কৰা সন্দৰ্ভত । পিছত বেংক কৰ্তৃপক্ষ আৰু এমট্ৰনৰ তৰফৰ পৰা ১০ আৰু ১১ নৱেম্বৰত পাণবজাৰ থানা আৰু CID ত দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল । ইতিমধ্যে যিকেইটা একাউণ্টত ধন ট্ৰান্সফাৰ কৰা হৈছিল সেই আটাইকেইটা একাউণ্ট বন্ধ কৰা হৈছে । আনহাতে ৰাহুল হুজুৰীয়ে নিজৰ মেইল হেক কৰা বুলি জেৰাত ভাষ্য প্ৰদান কৰিছে । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে CID য়ে জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Video Viral: পাঁচ গৰাকী যুৱতীয়ে আলফা স্বাধীনত যোগ দিয়াৰ সন্দেহ