ETV Bharat / city

আৰম্ভ হ'ল অম্বুবাচী মেলা - ETV BHARAT

শুকুৰবাৰে গুৱাহাটীৰ সোণাৰাম খেলপথাৰ অনুষ্ঠিত হয় মহা অম্বুবাচী মেলাৰ শুভাৰম্ভণি অনুষ্ঠান ৷

আৰম্ভ হ'ল অম্বুবাচী মেলাৰ
author img

By

Published : Jun 22, 2019, 8:14 AM IST

Updated : Jun 22, 2019, 12:25 PM IST

গুৱাহাটী,22 জুন: ভক্তিমূলক গীত নৃত্যৰে শুভাৰম্ভণি কৰা হয় অম্বুবাচী মেলাৰ ৷ চৰকাৰ আৰু মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত প্ৰতিবছৰৰ দৰেই এইবাৰো আয়োজন কৰা হৈছে মহা অম্বুবাচী মেলাৰ ৷ মেলাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পাটেলে ৷ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো যাতে অম্বুবাচী মেলা সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়,তাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি ভাষণ প্ৰসংগত কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসম পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এই মহা অম্বুবাচীয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব ৷ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কুইন ওজা, প্ৰাক্তন সাংসদ ৰমেন ডেকা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মকে প্ৰমুখ্য কৰি ভালেমান গণ্য মান্য ব্যক্তি ৷ আনহাতে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীৰ দায়িত্ব লৈয়ে প্ৰথম কাৰ্যসূচী হিচাপে মহা অম্বুবাচীৰ এই শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰহ্লাদ সিং পাটেলে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মিলি অসমৰ পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰত অসমক আগুৱাই নিব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

Intro:শুকুৰবাৰে গুৱাহাটীৰ সোণাৰাম খেলপথাৰ অনুষ্ঠিত হয় মহা অম্বুবাচী মেলাৰ শুভাৰম্ভণি অনুষ্ঠান। ভক্তিমূলক গীত নৃত্যৰে শুভাৰম্ভণি কৰা হয় অম্বুবাচীৰ। মা কামাখ্যা ধামত অনুষ্ঠিত এনে বিশাল ধৰ্মীয় অনুষ্ঠানে অসম পৰ্যটনক আগুৱাই নিব। চৰকাৰ আৰু মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত প্ৰতিবছৰৰ দৰেই এইবাৰো আয়োজন কৰা হৈছে মহা অম্বুবাচী মেলাৰ। এই মেলাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পাটেলে। যোৱাবেলিৰ দৰে এইবাৰো অম্বুবাচী মেলা সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়, তাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি নিজৰ ভাষণ প্ৰসংগত কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এই মহা অম্বুবাচীয়ে এক বিশেষ ভূমিকা ল'ব।

Body:ইফালে এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কুইন ওজা, প্ৰাক্তন সাংসদ ৰমেন ডেকা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মাকে প্ৰমুখ্য কৰি ভালেমান গন্য মান্য ব্যক্তি। আনহাতে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীৰ দায়িত্ব লৈয়ে প্ৰথম কাৰ্যসূচী হিচাপে মহা অম্বুবাচীৰ এই শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰহ্লাদ সিং পাটেলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মিলি অসমৰ পৰ্যটন আৰু সংস্কৃতিৰ ক্ষেত্ৰত অসমক আগুৱাই নিব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

Conclusion:HIRUL HAQUE I GUWAHATI
Last Updated : Jun 22, 2019, 12:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.