ETV Bharat / city

বিধানসভাৰ গৃহ বিভাগৰ ষ্টেণ্ডিং কমিটিৰ প্ৰতিবেদনত ভয়াৱহ তথ্য - অসামাজিক কার্যকলাপ

ৰাজ্যত সক্ৰিয় নকল সোণ আৰু জালনোটৰ বৃহৎ চক্ৰ । অব্যাহত আছে অবৈধ লটাৰী, জুৱা, তীৰ খেল, জীৱ-জন্তুৰ চোৰাং সৰবৰাহ, অবৈধ অৰুণাচলী সুৰাৰ বেহা আদি বিভিন্ন বে-আইনী কাৰ্যকলাপ । সমাজ বিৰোধী কার্যকলাপে এফালে যিদৰে ইটোৰ পাছত সিটো পৰিয়াল ধ্বংসৰ গৰাহলৈ ঠেলি দিছে আনফালে ৰাজ্যৰ অর্থনীতিতো বৃহৎ আঘাত হানিছে ।

Alarming information in the report of the housing departments
বিধানসভাৰ গৃহ বিভাগৰ ষ্টেণ্ডিং কমিটিৰ প্ৰতিবেদনত ভয়াৱহ তথ্য
author img

By

Published : Sep 4, 2021, 2:31 PM IST

গুৱাহাটী, 4 ছেপ্তেম্বৰ : ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত থকা ব্যাপক অভিযানৰ সময়তে অসমত নকল সোণ, জালনোট, অবৈধ লটাৰী, জুৱা, তীৰ খেল, জীৱ-জন্তুৰ চোৰাং সৰবৰাহ, অবৈধ অৰুণাচলী সুৰাৰ বেহা আদি বিভিন্ন বে-আইনী কাৰ্যকলাপ চলি আছে ।

Alarming information in the report of the housing departments
ষ্টেণ্ডিং কমিটিৰ প্ৰতিবেদনত ভয়াৱহ তথ্য

এই সন্দৰ্ভত ভয়ংকৰ তথ্য উন্মোচন কৰিছে অসম বিধানসভাৰ গৃহ বিভাগৰ ষ্টেণ্ডিং কমিটিয়ে । বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক অধ্যক্ষ হিচাপে লৈ গঠিত এই ষ্টেণ্ডিং কমিটিৰ শেহতীয়া প্ৰতিবেদনত ৰাজ্যখনত নকল সোণ, জালনোট, অবৈধ লটাৰী, জুৱা, তীৰ খেল, জীৱ-জন্তুৰ চোৰাং সৰবৰাহ, অবৈধ অৰুণাচলী সুৰাৰ বেহা আদি চলি থকাৰ তথ্য পোহৰলৈ আহিছে ।

ষ্টেণ্ডিং কমিটিয়ে প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ৰাজ্যখনত বিশেষকৈ লখিমপুৰ জিলাৰ বঙালমৰা অঞ্চলত নকল সোণ আৰু জাল নোটৰ এক বৃহৎ চক্ৰ আছে । অসম আৰক্ষীয়ে এই নকল সোণ আৰু জালনোটৰ চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আৰু ব্যৱস্থা ল’ব লাগে ।

বঙালমৰা অঞ্চলত জালনোট প্ৰস্তুত কৰা মেচিন পর্যন্ত আছে বুলি প্ৰতিবেদনত উল্লেখ কৰি নকল সোণ আৰু জালনোট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে জালনোট প্ৰস্তুত কৰা মেচিনসমূহ জব্দ কৰিবলৈ পৰামর্শ দিয়ে ষ্টেণ্ডিং কমিটিয়ে । সেইদৰে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰোড, বজালী, ভৱানীপুৰ আদি অঞ্চলত বহু অবৈধ লটাৰী, জুৱা, তীৰ খেলৰ বাবে বহু পৰিয়াল ধ্বংস হোৱাৰ বিষয়ে উনুকিয়াই প্ৰতিবেদনখনত গৃহ বিভাগক অবৈধ লটাৰী, জুৱা, তীৰ খেলৰ ছিণ্ডিকেট সম্পূর্ণৰূপে বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ পৰামর্শ আগবঢ়োৱা হৈছে ।

আনহাতে, নিশাৰ ভাগত ব্ৰহ্মপুত্ৰৰ জীৱ-জন্তুৰ চোৰাং সৰবৰাহ হৈ থকাৰ কথা উল্লেখ কৰি আজাৰাত নদী আৰক্ষী আউট পোষ্ট স্থাপন কৰি সেই অবৈধ কার্য ৰোধৰ ব্যৱস্থা ল’বলৈ চৰকাৰক পৰামর্শ দিয়ে কমিটিয়ে । একেদৰে অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ সৰবৰাহ হৈ থকা অবৈধ অৰুণাচলী সুৰাৰ বাবেই ৰাজ্যখনে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুওৱাৰ বিষয়ে প্ৰতিবেদনখনত উল্লেখ কৰি গৃহ বিভাগক আবকাৰী বিভাগৰ সৈতে সু-সমন্বয় স্থাপন কৰি অবৈধ অৰুণাচলী সুৰাৰ সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈ পৰামর্শ আগবঢ়োৱা হৈছে ।

তদাৰকী আৰু অপৰাধ বিৰোধী সঞ্চালকালয়ত খালী হৈ থকা পদসমূহ পূৰণ কৰি বিভাগটোক শক্তিশালী আৰু সূচল কৰাত ষ্টেণ্ডিং কমিটিয়ে গুৰুত্ব আৰোপ কৰিছে । লগতে উল্লেখ কৰে যে, উক্ত সঞ্চালকালয়ত নিয়োজিত বিষয়াসকলৰ সঘন বদলিৰ বাবে অনুসন্ধান প্ৰতিক্ৰিয়াত যথেষ্ট জটিলতা সৃষ্টি হৈ আহিছে ।

সেয়ে ষ্টেণ্ডিং কমিটিয়ে ভিজিলেঞ্চ আৰু এণ্টিক'ৰাপচন সঞ্চালকালয়ত তৎকালে কাৰিকৰী বিষয়া, আইনী বিষয়া আৰু গাণনিক বিষয়া নিয়োগ কৰাৰ বাবে চৰকাৰক পৰামর্শ আগবঢ়ায় । তদুপৰি অনুসন্ধান প্ৰক্ৰিয়া যাতে সূচলভাৱে সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিষয়াসকলৰ বদলিৰ ক্ষেত্ৰতো এক সুনিৰ্দিষ্ট সময় স্থিৰ কৰিবলৈ পৰামর্শ দিয়ে ।

ৰাজ্যখনত চলি থকা সমাজবিৰোধী কার্যকলাপে এফালে যিদৰে ইটোৰ পাছত সিটো পৰিয়াল ধ্বংসৰ গৰাহলৈ ঠেলি দিছে, আনফালে ৰাজ্যৰ অর্থনীতিতো বৃহৎ আঘাত হানিছে বুলি প্ৰতিবেদনত কোৱা হয় । নকল সোণ আৰু জালনোটৰ সৰবৰাহৰ আঁৰত আন্তঃৰাষ্ট্ৰীয় দেশবিৰোধী চক্ৰ জড়িত থকাৰ সন্দেহো প্ৰকাশ কৰা হৈছে ।

ড্ৰাগছৰ বিৰুদ্ধে সম্প্ৰতি অসম আৰক্ষীয়ে যি শূন্য সহনশীলতাৰে দৃঢ় অভিযান চলাই আছে, ঠিক একেদৰে নকল সোণ আৰু জালনোটৰ বিৰুদ্ধে অভিযান চলিলেহে আঁৰৰ চক্ৰসমূহ পোহৰলৈ আহিব । গৃহ বিভাগৰ ষ্টেণ্ডিং কমিটিয়ে প্ৰতিবেদনখনত লখিমপুৰ জিলাৰ বঙালমৰা অঞ্চলটোৰ পৰা সেই কার্য চলি আহিছে বুলি স্পষ্টভাৱে উল্লেখ কৰাৰ পাছতো কিন্তু আৰক্ষীয়ে সেই চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম নোহোৱা ঘটনাই ৰাইজৰ মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

অনুৰূপ ধৰণে ৰাজ্যত অব্যাহত থকা অবৈধ লটাৰী, জুৱা, তীৰ খেলৰ ছিণ্ডিকেট আদিৰ ক্ষেত্ৰতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো লক্ষণীয় বিষয় । ড্ৰাগছৰ বিৰুদ্ধে সম্প্ৰতি অসম আৰক্ষীয়ে যি সফল অভিযান চলাই আছে, সেই একেই অভিযান নকল সোণ, জালনোট, অবৈধ লটাৰী, জুৱা, তীৰ খেল আদি অসামাজিক কার্যকলাপৰ বিৰুদ্ধেও হোৱাটো ৰাইজে বিচাৰে ।

লগতে পঢ়ক: শিৱসাগৰৰ শিক্ষক ব্ৰজেন বৰালৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.