ETV Bharat / city

ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত মাটি কেলেংকাৰীৰ নিৰপেক্ষ তদন্তৰ দাবী

author img

By

Published : Dec 15, 2021, 10:56 PM IST

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উঠা বৃহৎ ভূমি কেলেংকাৰী (Assam CM wife accused of involvement in Land Grabbing)ৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটীয়ে ৷ মুখ্যমন্ত্ৰীক নিৰপেক্ষ তদন্ত কৰাৰ বাবে প্ৰত্যাহ্বান পৰিষদৰ ৷

ajp submitted complain against land grabbing case of CM family
ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত মাটি কেলেংকাৰীৰ নিৰপেক্ষ তদন্তৰ দাবী

গুৱাহাটী, 15 ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Assam CM wife accused of involvement in land grabbing)ৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে অসম জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটীয়ে ৷ বুধবাৰে এই সন্দৰ্ভত কামৰূপ জিলাৰ জিলা উপায়ুক্তক এখন অভিযোগ পত্ৰ প্ৰদান কৰে পৰিষদে ।

অভিযোগ পত্ৰ উল্লেখ কৰা মতে ২০০৬-০৭ চনত ৰিণিকি ভূঞা শৰ্মা আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ নামত পঞ্জীয়ন হোৱা আৰ বি এছ ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড(RBS Realtors Private Limited) নামৰ এটা কোম্পানীয়ে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ এলেকাৰ নমলী জলাহ গাঁৱৰ উদয়ন ফিচাৰী আৰু ৱেলফেয়াৰ এক্টিভিটিজ স্কুল নামৰ দুটা প্ৰতিষ্ঠানৰ পৰা ১৭ বিঘা ২ কঠা ৫ লেচা আৰু পলাশবাৰী ৰাজহ চক্ৰ এলেকাৰ বঙৰা গাঁৱৰ কেইগৰাকীমান ব্যক্তিৰ পৰা ১১ বিঘা ৩ কঠা ৪ লেচা ভূমি ক্ৰয় কৰিছিল ৷ উক্ত দুয়োটা স্থানৰ ভূমিখিনি উক্ত প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক চৰকাৰীভাৱে আৱন্টন দিয়া হৈছিল ৷ কিন্তু উক্ত ভূমি আৱন্টনৰ তিনি মাহৰ পৰা এবছৰৰ ভিতৰত মাটিখিনি ৰিণিকি ভূঞাৰ কোম্পানীয়ে ক্ৰয় কৰি লয় ৷

অসম জাতীয় পৰিষদৰ নেতা

অসম ভূমি ৱিকি ১৯৮৯ আৰু চিলিং আইন ১৯৫৬ (Ceiling On Land Holdings Act, 1956) মতে চৰকাৰীভাৱে আৱন্টিত ভূমি দহ বছৰলৈ বিক্ৰী অথবা হস্তান্তৰ কৰিব নোৱাৰি ৷ গতিকে আৱন্টনৰ তিনিমাহৰ পৰা এবছৰৰ ভিতৰত ৰিণিকি ভূঞাৰ কোম্পানীৰ ওচৰত বিক্ৰী কৰা কাৰ্য স্পষ্টভাৱে বে-আইনী ৷ ইয়াৰ বিৰুদ্ধে তদন্ত কৰাৰ বাবে অসম জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটীয়ে কামৰূপ জিলাৰ জিলা উপায়ুক্তক দাবী জনায় । অসম জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটীৰ তৰফৰ পৰা কামৰূপ জিলাৰ জিলা উপায়ুক্তক অভিযোগ পত্ৰ প্ৰদান কৰি পৰিষদৰ সভাপতি সঞ্জীৱ মহন্তই ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Assam CM wife accused of involvement in land grabbing)ৰ নিৰপেক্ষ তদন্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় ।

লগতে পঢ়ক : Land Grabbing Allegation: মুখ্যমন্ত্ৰীয়ে ক’লে, মোৰ পত্নীৰ পিছত লাগি থকাতকৈ মোৰ লগত লাগক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.