গুৱাহাটী, ২১ মে’: অসমৰ শেহতীয়া বান (Flood in Assam) পৰিস্থিতি সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সংবাদমেল । বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে পৰিষদে । শনিবাৰে দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি অসমৰ বৰ্তমানৰ বান পৰিস্থিতি অতিশয় উদ্বেগজনক বুলি মন্তব্য কৰে ৷
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমণ প্ৰাধিকৰণৰ 19 মে’ৰ প্ৰতিবেদন মতে, ৰাজ্যৰ 27 খন জিলাৰ 75 টা ৰাজহ চক্ৰ এলেকাৰ 1,790 খন গাঁৱৰ 7 লাখ 17 হাজাৰ লোক আক্ৰান্ত হৈছে ৷ মুখ্যমন্ত্ৰীয়ে চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ সংস্থাপন অভিযানৰ বৰ্ণনা দি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে, ‘‘অসম চৰকাৰৰ দুৰ্যোগ প্ৰসমণ পুঁজিত 1,000 কোটি টকা জমা আছে ৷ অথচ বছৰ প্ৰথমটো বানতে বৃহৎ ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱাৰ ফলত 1,000 কোটি টকা মুঠেই পর্যাপ্ত নহয় ৷ ভাৰত চৰকাৰে বিহাৰ, উত্তৰ প্ৰদেশ, গুজৰাট, জম্মু-কাশ্মীৰ, পশ্চিম বংগ, কর্ণাটক, কেৰালা আদি ৰাজ্যক বান সাহায্যৰ নামত হাজাৰ কোটিৰ ঘৰত আৰ্থিক পেকেজ দিয়া আমি দেখিছো’’ বুলি সভাপতিগৰাকীয়ে কয় ।
বিগত বৰ্ষত (2021) কর্ণাটক, মধ্য প্ৰদেশ, উত্তৰাখণ্ড, গুজৰাট আৰু পশ্চিম বংগত বান পৰিস্থিতি মোকাবিলাৰ বাবদত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি (NDRF)ৰ অধীনত 3,063,21 কোটি টকা মোকলাই দিছিল ৷ গুজৰাটৰ বানাক্ৰান্ত ৰাজ্যলৈ 1,500 কোটি টকাৰ বিশেষ পেকেজ আগবঢ়াইছিল ৷
2018 চনত কেৰালাত বানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনলৈ 500 কোটিৰ বিশেষ পেকেজ আগবঢ়াইছিল । 2015 চনৰ কাশ্মীৰৰ বিধ্বংসী বান মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে 2,437 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছিল । কিন্তু অসমৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বহু দিনৰে উদাসীন ভূমিকা গ্ৰহণ কৰি আহিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সভাপতিগৰাকীয়ে ।
ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুজিৰ অধীনত 2018 চনৰ পৰা চলিত বিত্তীয় বর্ষলৈকে তিনি বছৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে বিচাৰিছিল মুঠ 8,388.33 । সেই মৰ্মে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে আৱন্টন কৰে মুঠ 1,192.16 কোটি টকাহে ৷ কিন্তু দুখৰ কথাটো হ'ল, এই তিনি বছৰৰ 2018-19 বিত্তীয় বর্ষ আৰু 2019-20 বিত্তীয় বৰ্ষত NDRF শিতানত অসমৰ বাবে এটকাও মোকলাই নিদিলে কেন্দ্ৰীয় চৰকাৰে ৷
বিগত 2020-21 বিত্তীয় বৰ্ষত অসমে বিচৰা 2,640.87 কোটিৰ মাত্ৰ 44.37 কোটি টকাহে কেন্দ্ৰীয় চৰকাৰে অসমলৈ মুকলি কৰি দিয়ে৷ এই সংবাদমেলত অসমৰ শেহতীয়া বানৰ ভয়াৱহতা আৰু ক্ষয়-ক্ষতিলৈ চাই অসমৰ বাবেও বিশেষ আৰ্থিক পুঁজি ঘোষণা কৰিবলৈ অসম জাতীয় পৰিষদে ভাৰতৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনায় ৷
লগতে আক্ৰান্ত লোকসকলৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা অধিক খৰতকীয়া কৰিবলৈ দলে চৰকাৰক আহ্বান জনায় ৷ ইপিনে আক্ৰান্ত লোকসকলক জাতীয় পৰিষদৰ কৰ্মী-সদস্যসকলেও ঠায়ে ঠায়ে সাহাৰ্য আগবঢ়াইছে ৷ দলৰ সমূহ নেতা-কর্মীক সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে বুলিও জানিব দিয়ে লুৰীণজ্যোতি গগৈয়ে ৷
সাহায্য আৰু পুনৰ সংস্থাপন অভিযানত প্ৰশাসন, আৰক্ষী, দুৰ্যোগ প্ৰশমণ বিভাগৰ বিষয়া-কৰ্মী তথা সেনা বাহিনীৰ লোকক প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াবলৈয়ো দলৰ কৰ্মী-সমর্থকসকলক আহ্বান জনোৱা হৈছে বুলি মন্তব্য কৰে ৷ সংবাদমেলত ‘‘আমাৰ মাটি, আমাৰ অধিকাৰ’’ নামৰ মিছন আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ।
মিছনৰ বাবে এখন তিনিজনীয়া কমিটি গঠন কৰা হৈছে । এই কমিটিয়ে অসমৰ জনসাধাৰণৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰিব । ভূমি সংক্ৰান্তত এই কমিটিয়ে বিনামূলীয়াকৈ পৰামৰ্শ আগবঢ়াব । কাৰণ বহু লোকে ভূমিৰ অধিকাৰ সন্দৰ্ভত অৱগত নহয় বুলি মন্তব্য কৰে ।
লগতে পঢ়ক : সলনি হ'ল সৰ্বানন্দ সোণোৱালৰ ঠিকনা