গুৱাহাটী, 9 জুন : হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সন্দৰ্ভত বুধবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে এক গুৰুত্বপূৰ্ণ জাননী পৰীক্ষা কেন্দ্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ প্ৰেৰণ কৰে। এ এইচ এছ ই চি/ই এক্স বি/এইচ এছ ছেকেণ্ড ইয়েৰ/২০১১৩৩ নম্বৰৰ নিৰ্দেশনা যোগে পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে পৰীক্ষা কেন্দ্ৰ সমূহৰ ভাৰপ্ৰাপ্ত বিষয়াক জনাইছে যে, জুলাই-আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিব ।
![new instruction by AHSEC](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-new-instruction-by-ahsec-7209925_09062021193013_0906f_1623247213_563.jpg)
নিৰ্দিষ্টকৈ তাৰিখ উল্লেখ নকৰিলেও সকলো পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক ৪০০তকৈ অধিক পৰীক্ষাৰ্থী থাকিলে ওচৰত থকা চৰকাৰী বা বেচৰকাৰী শিক্ষানুষ্ঠানসমূহক অতিৰিক্ত পৰীক্ষা কেন্দ্ৰ ৰূপে গঢ়ি তুলিবলৈ আগতীয়া ব্যৱস্থা গ্ৰহণৰ কথা কোৱা হৈছে । এই সন্দৰ্ভত তেওঁলোকে লোৱা ব্যৱস্থা সন্দৰ্ভত সংসদক জনাবলৈও কোৱা হৈছে ।
উল্লেখ্য যে, শিক্ষামন্ত্ৰীয়ে ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ নিৰ্দেশৰ পাছত এতিয়া এটা কথা স্পষ্ট হৈছে যে, ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগষ্টৰ ভিতৰত পূৰ্বৰ পৰম্পৰাৰ বিপৰীতে এক নতুন পদ্ধতিৰে এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ শিক্ষা সংসদ আৰু ৰাজ্য চৰকাৰ সাজু হৈছে । ক'ভিডত আক্ৰান্ত হৈ থকা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত কিদৰে অৱতীৰ্ণ হ’ব সেই সন্দৰ্ভতো অচিৰেই নীতি-নিৰ্দেশনা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ।
আনহাতে, এই পৰীক্ষাৰ সৈতে জড়িত সকলো ব্যক্তি-শিক্ষকৰো আগতীয়াকৈ ক'ভিড পৰীক্ষা আৰু ক'ভিডৰ টীকাকৰণ কৰা হ’ব বুলি শিক্ষামন্ত্রীয়ে ইতিমধ্যে ঘোষণা কৰিছে।
লগতে পঢ়ক-হাবিৰ পৰা মহানগৰীৰ ৰাজপথ পালেহি গজৰাজ