ETV Bharat / city

Pankaj Pathak controversy: অগপৰ পৰা বহিষ্কাৰ পংকজ পাঠকক - Pankaj Pathak controversy

নিজকে আয়ুৰ্বেদৰ চিকিৎসক বুলি দাবী কৰা পংকজ পাঠকক অগপৰ পৰা অব্যাহতি (AGP expelled Pankaj Pathak from party) ৷ ফেচবুকত হকে বিহকে পোষ্ট দি সততে বিতৰ্কৰ সৃষ্টি কৰিছিল পাঠকে ৷ পংকজ পাঠকৰ বিৰুদ্ধে শেহতীয়াকৈ সৰব হৈ পৰিছে অসম ৰাজ্যিক মহিলা আয়োগো ৷ নিজাববীয়াকৈ অসম ৰাজ্যিক মহিলা আয়োগে পংকজ পাঠকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে (FIR Against Pankaj Pathak) ৷

অগপৰ পৰা বহিষ্কাৰ পংকজ পাঠকক
অগপৰ পৰা বহিষ্কাৰ পংকজ পাঠকক
author img

By

Published : Jul 19, 2022, 10:12 PM IST

নিউজ ডেস্ক, 19 জুলাই: ফেচবুকত হকে বিহকে পোষ্ট দি সততে বিতৰ্কৰ সৃষ্টি কৰি থকাৰ লগতে নিজকে চিকিৎসা শাস্ত্ৰৰ আচাৰ্য বুলি দাবী কৰি অহা পংকজ পাঠকক এইবাৰ দলৰ পৰাও অব্যাহতি দিলে অসম গণ পৰিষদে (AGP expelled Pankaj Pathak from party) ৷ অৱশ্যে এই স্বয়ম্ভূ আচাৰ্যগৰাকী দলটোৰ কোনো বিষয়বাবত নাছিল ৷ সাধাৰণ সদস্য ৰূপেহে জড়িত হৈ আছিল অগপত ৷ কিন্তু তেওঁৰ শেহতীয়া কেতবোৰ কাম-কাজে দলটোকো অস্বস্তিত পেলোৱাত মঙলবাৰে অগপৰ অনুশাসন সমিতিয়ে তেওঁক দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি দিয়ে ৷

মনকৰিবলগীয়া যে, কিছুদিন পূৰ্বে "আপ"ৰ একাংশ সদস্যই অগপত যোগদান কৰিছিল ৷ সেই সময়ত সেইসকল লোকৰ সৈতে একেলগে পংকজ পাঠকেও যোগ দিছিল অগপত ৷ পংকজ পাঠকৰ বিৰুদ্ধে শেহতীয়াকৈ সৰব হৈ পৰিছে অসম ৰাজ্যিক মহিলা আয়োগ ৷ এইবাৰ নিজাববীয়াকৈ অসম ৰাজ্যিক মহিলা আয়োগে পংকজ পাঠকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে (FIR Against Pankaj Pathak) ৷

কেৱল ৰাজ্যিক মহিলা আয়োগেই নহয়, শেহতীয়াকৈ সামাজিক মাধ্যমত মহিলা সম্পৰ্কে বিতৰ্কিত মন্তব্যৰে বান্দৰ কেকোঁৱাৰ গুড়ি বিক্ৰীৰ প্ৰচাৰ চলোৱা পংকজ পাঠকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ ।

উল্লেখ্য যে, নিজকে আয়ুৰ্বেদৰ চিকিৎসক বুলি দাবী কৰা পংকজ পাঠকে কিছুদিন পূৰ্বে সামাজিক মাধ্যমত কৰিছিল কটু মন্তব্য (Pankaj Pathak obscene comments against women) ৷ আনকি চুটি কাপোৰ পিন্ধি ৰীলৰ ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিছিল এইগৰাকী স্বয়ংভূ চিকিৎসকে । লগতে এই ঔষধ ক’ত উপলদ্ধ হ’ব, তাকো বৰ্ণনা কৰিছিল পংকজ পাঠকে ৷

পংকজ পাঠকৰ এই মন্তব্যৰ পাচতেই ৰাজ্যৰ বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ । ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ মহিলা সমিতি, জাতীয় নাৰী বাহিনী, সদৌ অসম আইন ছাত্ৰ সন্থাই পাঠকৰ বিৰুদ্ধে বশিষ্ঠ, দিছপুৰ আৰু পাণবজাৰ থানাত ৰুজু কৰিছে গোচৰ ৷ ইয়াৰ পাচতে, সোমবাৰে অসম ৰাজ্যিক মহিলা আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে পংকজ পাঠকৰ বিৰুদ্ধে ।

এই সন্দৰ্ভত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰে কয়, মহিলাৰ স্বামীৰ যদি পত্নীৰ কাৰ্যত আপত্তি নাই, তেন্তে এই সন্দৰ্ভত মন্তব্য কৰাৰ অধিকাৰ পংকজ পাঠকক কোনে দিলে ? লগতে তেওঁ পংকজ পাঠকক নিকৃষ্ট মনৰ ব্যক্তি বুলিও আখ্যা দিয়ে ।

এতিয়া প্ৰশ্ন হয় এই ক্ষেত্ৰত ৰাজ্যৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব ৷ সৰু সৰু কাৰণতেই মানুহক দোষী সজাই কাৰাগাৰলৈ প্ৰেৰণ কৰা অসম আৰক্ষীয়ে বোৱাৰীক অপমান কৰা পংকজ পাঠকৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : FIR Against Pankaj Pathak: পিছে কোন এই পংকজ পাঠক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.