গুৱাহাটী, ২৬ আগষ্টঃ কাইলৈ অনুষ্ঠিত হ‘ব অসম গণ পৰিষদ দলৰ বহু প্ৰত্যাশিত অধিবেশন ৷ কি হ‘ব এই এই অধিৱেশনত, এই লৈ চলিছে বহু জল্পনা-কল্পনা ৷ পৰৱৰ্তী তিনি বছৰীয়া কাৰ্যকালৰ বাবে পুনৰ অতুল বৰাই দলটোৰ সভাপতি পদত অধিস্থিত হৈ থকাটো ইতিমধ্যে নিশ্চিত হৈছে । বাকী আছে কেৱল অধিবেশনৰ আনুষ্ঠানিকতাহে ৷
আনহাতে, কাইলৈৰ এই অধিবেশনক লৈ ইতিমধ্যে ৰাজনৈতিক মহলত বিভিন্ন ধৰণৰ চৰ্চা আৰম্ভ হৈছে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত এটা নতুন দল গঠন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে বহুতে ৷
কিন্তু ই টিভি ভাৰতৰ হাতত আহি পৰা খবৰ অনুসৰি তেনেকুৱা একোৱেই হোৱাৰ সম্ভাৱনা নাই ৷ দলৰ কিছু জ্যেষ্ঠ নেতাই এই ধাৰণা নাকচ কৰি কয় যে, বিধান সভা নিৰ্বাচনৰ আগত যাতে দলটোৰ মাজত কোনো বিৰোধ আহি নপৰে তাৰ বাবে বিহীত ব্যৱস্থা হাতত লোৱা হৈছে ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপ দলৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্তৰ 'কা' বিৰোধী স্থিতিৰ বাবে দলৰ নেতৃবৰ্গৰ সৈতে তেওঁৰ মত বিৰোধ কিছুদিন আগলৈকে অব্যাহত আছিল ৷
কিন্তু ক্ষুব্ধ মহন্তৰ সৈতে অলপতে মন্ত্ৰী ফণীভুষন চৌধুৰীৰ বাসগৃহত অতুল বৰা, কেশৱ মহন্ত আৰু চৌধুৰীৰ মাজত যি ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছিল তাতেই মহন্তই লিখিতভাবে কেইটামান প্ৰস্তাৱ দাখিল কৰিছিল অতুল বৰাৰ হাতত । সেইদিনাই একপ্ৰকাৰ মহন্তৰ ক্ষোভৰ উপশম ঘটাৰ উমান পোৱা গৈছিল । কিয়নো অতুল বৰাই সেই প্ৰস্তাৱ সমূহৰ প্ৰতি সহাৰি জনাইছিল ।
গতিকে স্বাভাৱিকতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই সময়ত দলটো যাতে কোনেও কোনোপ্ৰকাৰে অস্থিৰ কৰিব নোৱাৰে তাৰ বাবে পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে দলীয় নেতৃত্বই ।
দলৰ জ্যেষ্ঠ নেতা দিলীপ পাটগিৰিয়ে কাইলৈৰ এই অধিবেশন সন্দৰ্ভত মন্তব্য কৰি কয় যে কেৱল প্ৰতিনিধি সকলকহে এই অধিবেশনলৈ আমন্ত্ৰন জনোৱা হৈছে । কিয়নো ক'ভিড প্ৰট'কল মানি চলিয়েই এই অধিবেশন অনুষ্ঠিত কৰা হব ।
ক'ভিড ১৯ ৰ প্ৰট'কল মানি চলি বৃহস্পতিবাৰে আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব অসম গণ পৰিষদৰ অধিবেশন । এই অধিবেশনতে বাচনি কৰা হ'ব আগন্তুক তিনিটা বছৰৰ বাবে নতুন নেতৃত্বক ।
লগতে পঢ়ক: সন্ত্ৰাসবাদ নহয়, 'মিউজিক বেণ্ড'ৰ জৰিয়তে আত্মপ্ৰকাশ কাশ্মীৰৰ যুৱকৰ