ETV Bharat / city

আফ্ৰিকান ছোৱাইন ফিভাৰক লৈ কিমান সতৰ্ক বন বিভাগ ! - গাহৰিৰ শৰীৰত দেখা দিয়া আফ্ৰিকান ছোৱাইন ফিভাৰ

বৰ্তমানলৈকে ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্রান্ত হৈ মৃত্যু মুখত পৰিছে ১৫ হাজাৰতকৈও অধিক গাহৰি । শিৱসাগৰ,যোৰহাট,ডিব্ৰুগড়,বিশ্বনাথ,লখিমপুৰ জিলাত প্ৰথমে গাহৰিৰ শৰীৰত দিছিল আফ্ৰিকান ছোৱাইন ফিভাৰ ৷ পৰৱৰ্তী সময়ত গোলাঘাট,নগাঁও আৰু কামৰূপ মহানগৰ জিলাটো ই বিয়পি পৰে ৷

আফ্ৰিকান ছোৱাইন ফিভাৰক লৈ কিমান সতৰ্ক বন বিভাগ !

author img

By

Published : Jun 1, 2020, 7:48 PM IST

গুৱাহাটী, 1 জুনঃ কৰ'ণা ভাইৰাছৰ সমান্তৰালে ৰাজ্যত চলিছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ আক্ৰমণ। ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্রান্ত হৈ মৃত্যু হৈছে কেইবা হাজাৰ গাহৰিৰ। ঘৰচীয়া গাহৰিৰ পৰা যাতে এই ৰোগ বনৰীয়া গাহৰিলৈ সংক্ৰমিত নহয় ইয়াৰ বাবে বন বিভাগে ইতিমধ্যে বিভিন্ন পদক্ষেপ হাতত লৈছে ৷ কিন্তু এতিয়া বন বিভাগ আৰু অধিক সতৰ্ক হোৱাৰ সময় আহি পৰিছে ।

আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত পশু চিকিৎসা মহাবিদ্যালয়ৰ ডীনৰ মন্তব্য

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পোৱা কৰ'ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যাৰ সমান্তৰালকৈ গাহৰি পালকসকলৰ লগতে পশু চিকিৎসা বিভাগ আৰু বন বিভাগৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে আফ্ৰিকান ছোৱাইন ফিভাৰ। বৰ্তমানলৈকে ৰাজ্যত ইয়াৰ ফলত মৃত্যুৰ মুখত পৰিছে 15 হাজাৰতকৈও অধিক গাহৰি । প্ৰথমে শিৱসাগৰ,যোৰহাট,ডিব্ৰুগড়,বিশ্বনাথ,লখিমপুৰ জিলাত আৰু পৰৱৰ্তী সময়ত গোলাঘাট,নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ গাহৰিও এই জ্বৰৰ দ্বাৰা আক্রান্ত হয় ।

ৰাজ্য চৰকাৰৰ পশু চিকিৎসা বিভাগে এই জ্বৰৰ সংক্ৰমণৰ পৰা গাহৰিসমূহক ৰক্ষা কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰোগ যাতে বনৰীয়া গাহৰিলৈ সংক্ৰমিত নহয় তাৰ বাবে বনৰীয়া গাহৰিসমূহক বনাঞ্চলৰ পৰা ওলাই অহাত বাধা প্ৰদান কৰিছে বন বিভাগে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিসমূহ যাতে চুবুৰীয়া গাঁৱসমূহলৈ যাব নোৱাৰে ইয়াৰ বাবে উদ্যানখনৰ চাৰিওকাষে গাত খান্দিছে বন বিভাগে ।

লগতে পঢ়কঃ পশু চিকিৎসা বিভাগৰ তৎপৰতাত অসমে ৰোধ কৰিছে আফ্ৰিকান ছোৱাইন ফিভাৰ- অতুল বৰা

ইয়াৰ মাজতে ৰাজ্যৰ দেখা দিয়া বানপানীয়ে বন বিভাগৰ বাবে সৃষ্টি কৰিছে বৃহৎ প্ৰত্যাহ্বানৰ । বানৰ পানীয়ে প্লাবিত কৰা বনাঞ্চলসমূত যদি আফ্ৰিকান ছোৱাইন ফিভাৰত আক্রান্ত হৈ মৃত্যু হোৱা গাহৰিৰ মৃতদেহ উটি আহে আৰু এই মৃতদেহৰ সংস্পর্শলৈ বনৰীয়া গাহৰি আহে তেন্তে বনৰীয়া গাহৰিৰ শৰীৰত এই ৰোগ সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে । গতিকে এই ক্ষেত্ৰত বন বিভাগ অধিক সতৰ্ক হোৱাৰ লগতে বানপানীৰ পিছত বনাঞ্চলসমূহ পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত কিছুমান বিশেষ ব্যৱস্থা অৱলম্বন কৰিব লাগিব ।

বানপানীৰ সময়ত এই জ্বৰত আক্রান্ত হৈ মৃত্যু হোৱা গাহৰিসমূহক মাটিত পুতি থোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা আহি পৰিব ৷ গতিকে এই ক্ষেত্ৰত পশু চিকিৎসা বিভাগে বিকল্প ব্যৱস্থা অৱলম্বন কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰিছে । ৰাজ্যৰ গাহৰিসমূহৰ শৰীৰত দেখা দিয়া এই জ্বৰৰ বাবে চৰকাৰে ৰাজ্যত গাহৰি বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও গাহৰি পালকসকলৰ লোকচানৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ গাহৰিৰ বিক্ৰী মুকলি কৰিছে । অৱশ্যে গাহৰি বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰে কিছুমান নীতি-নিৰ্দেশনা বান্ধি দিছে ।

লগতে পঢ়কঃ বনৰীয়া গাহৰিৰ সংকটৰ কাৰণ হ'ব নেকি আফ্ৰিকান ছোৱাইন ফিভাৰ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.