ETV Bharat / city

আন্ত-ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চাইক্লিষ্ট অভিষেক বি গগৈ

ডুবাইৰ আবুধাবিত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বিশেষ অলিম্পিকৰ চাইক্লিঙত ৰূপৰ পদক লাভেৰে অসম তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে অভিষেক বি গগৈয়ে ৷ এই প্ৰতিযোগিতাত বিজয়ৰ হাঁহি মাৰি শনিবাৰে স্বগৃহত উপস্থিত হয় ৷

author img

By

Published : Mar 23, 2019, 6:23 PM IST

Updated : Mar 23, 2019, 7:04 PM IST

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম সন্তান

গুৱাহাটী , 23 মাৰ্চ : পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান ৷ বিশেষবাৱে সক্ষম হৈও অশেষ কষ্ট আৰু সাধনাৰে বিশ্ব দৰবাৰত সাফল্য বুটলিবলৈ সক্ষম হৈছে অভিষেক বি গগৈয়ে ।চলিত মাহৰ 14 তাৰিখৰ পৰা ডুবাইৰ আবুধাবিত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বিশেষ অলিম্পিকৰ চাইক্লিঙত ৰূপৰ পদক লাভেৰে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে অভিষেক বি গগৈয়ে ৷

আন্ত-ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চাইক্লিষ্ট অভিষেক বি গগৈ
গুৱাহাটীৰ নবীন নগৰৰ নিবাসী বিশেষভাৱে সক্ষম অভিষেকে এই প্ৰতিযোগিতাত বিজয়ৰ হাঁহি মাৰি শনিবাৰে স্বগৃহত উপস্থিত হয় ৷ এই বিশেষ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ খেলুৱৈ আছিল অভিষেক । অলিম্পিকৰ ১০ কিঃমিঃ চাইকেলিঙত ১৯ মিনিট ২০ ছেকেণ্ডতে গন্তব্য স্থান অতিক্ৰম কৰি প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় অভিষেকে ।

Slug: A_GHY_23MAR_801_GUWAHATI BOY STORY_HIRUL

Gfx: 1) পুণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান।
2) বিশেষ অলিম্পিকত উজলিল মহানগৰীৰ বিশেষভাৱে সক্ষম যুৱক।
3) সুনাম অৰ্জন কৰি স্বগৃহত উপস্থিত অভিষেক বি গগৈ।

V/O1- হয়, এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম এগৰাকী বিশেষভাৱে সক্ষম যুৱক। চলিত মাহৰ ১৪ তাৰিখৰ পৰা ডুবাইৰ আবুধাবিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বিশেষ অলিম্পিকৰ চাইকেলিঙত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে অভিষেক বি গগৈ। এই প্ৰতিযোগিতাৰ পৰা শণিবাৰে স্বগৃহত উপস্থিত হয় গুৱাহাটীৰ নবীন নগৰৰ যুৱকজন। বৰঝাৰ বিমান বন্দৰত উস্ম আদৰণি জনায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা ভাৰতৰ নাম উজলোৱা অভিষেক।
Byte-

V/O 2- এই বিশেষ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ খেলুৱৈ আছিল অভিষেক। অলিম্পিকৰ ১০ কিঃমিঃ চাইকেলিঙত ১৯ মিনিট ২০ ছেকেণ্ডত গন্তব্য স্থান অতিক্ৰম কৰি প্ৰতিযোগিতাৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় যুৱকজনে। শাৰিৰীকভাৱে সক্ষম হৈও অশেষ কষ্ট আৰু সাধনাৰে বিশ্ব দৰবাৰত সাফল্য বুটলিলে অভিষেক বি গগৈয়ে।
Byte-

End V/O- ইফালে যুৱকজনৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে শুভাকাংক্ষী। তাৰোপৰি এইযাত্ৰাত চৰকাৰী ফালৰ পৰা কোনো সহায় সহযোগিতা লাভ নকৰাৰ কথা উল্লেখ কৰিলে যুৱকজনৰ পৰিয়ালে। পিতৃ বিয়োগৰ পিছত অভিষেকৰ মাতৃয়ে অশেষ কষ্ট কৰি এই পৰ্যায়ত উপনীত কৰে সন্তানক। সকলোৰে আশা চৰকাৰী সা সুবিধা হ'লে আৰু অধিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বিশেষভাৱে সক্ষম এইজন যুৱকে।

Visual-FTP 
(Hirul Haque/Guwahati) 
Last Updated : Mar 23, 2019, 7:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.