গুৱাহাটী, 9 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিচাৰ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ত চলি থকাৰ মাজতে শনিবাৰে শ্বহীদ ন্যাসৰ পৰা বাহিৰল কৰা হয় এক প্ৰতিবাদী জোঁৰ সমদল । সকলো প্ৰতিবাদকাৰীৰ এটাই দাবী কোনো কাৰণত মানি লোৱা নহ’ব নাগৰিকত্ব সংশোধনী আইন । শ্বহীদ ন্যাসৰ পৰা চানমাৰিলৈ হোৱা এই জোঁৰ সমদলত সমুজ্জল কুমাৰ ভট্টাচাৰ্যকে ধৰি উপস্থিত থাকে বিভিন্ন দল সংগঠনৰ লোক ।
এই প্ৰতিবাদৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নাগৰিকত্ব সংশোধনী আইন আৰু অসম চুক্তিৰ সন্দৰ্ভত মুকলি ৰাজহুৱা বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনায় ৰাজ্য চৰকাৰক । ইয়াৰ লগতে শিল্পী সমাজক প্ৰতিনিধিত্ব কৰা অৰুণ হাজৰিকাই কয়, যেতিয়ালৈকে ‘কা’ বাতিল কৰা নহয় অসমৰ ৰাইজে ক্ষান্ত হৈ বহি নাথাকে ।
উচ্চতম ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখি অসমৰ জনতাই বৰ্তমান প্ৰতিবাদ গণতান্ত্ৰিক ভাৱে শান্তিপূৰ্ণ ভাৱে কৰি আছে যদিও অনাগত দিনত ন্যায়ালয়ৰ ৰায়দানৰ পাচত হে পৰিৱৰ্তি পৰস্থিতি কি ৰূপ ল’ব লক্ষ্যণীয় হ’ব ৷ কাৰণ প্ৰতিবাদ কমিলেও কা বিৰোধী লোকৰ সংখ্যা এতিয়াও কমা নাই ।
- লগতে চাওক- কাকপথাৰত CAA বাতিলৰ দাবীত শহস্ৰাধিক ৰাইজৰ উপস্থিতিত 'গণ গৰ্জন' কাৰ্যসূচী