ETV Bharat / city

অসম চৰকাৰক দিল্লীৰ শিক্ষা ব্যৱস্থাক অনুসৰণ কৰিবলৈ আহ্বান ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ - অসম চৰকাৰক দিল্লীৰ শিক্ষা ব্যৱস্থাক অনুসৰণ কৰিবলৈ আহ্বান দৰ্পণ নাথৰ

সোমবাৰে গুৱাহাটীত আয়োজন কৰা হয় আপৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সংবাদমেল (Chatra Yuva Sangram Samiti Student Union of AAP) ৷ এই সংবাদ মেলতেই ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ অসমৰ কলেজ ইউনিটৰ সভাপতি দৰ্পণ নাথে অসম চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয় ৷ লগতে অসম চৰকাৰক দিল্লীৰ শিক্ষা ব্যৱস্থাক অনুসৰণ কৰিবলৈ আহ্বান জনাই সভাপতি দৰ্পণ নাথে ৷

AAP organize Press conference in Guwahati
অসম চৰকাৰক দিল্লীৰ শিক্ষা ব্যৱস্থাক অনুসৰণ কৰিবলৈ আহ্বান দৰ্পণ নাথৰ
author img

By

Published : Aug 22, 2022, 10:36 PM IST

গুৱাহাটী, 22 আগষ্ট : ‘‘অসম চৰকাৰে শিক্ষা অধিকাৰ আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি অসমৰ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ পৰা 300 টকাকৈ মাচুল সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সিদ্ধান্তক অনুমোদন জনাইছে ৷ যি সিদ্ধান্তক বিৰোধিতা কৰিছে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে’’ ৷ সোমবাৰে আপৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি চৰকাৰক প্ৰশ্ন কৰে আপৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে (Chhatra Yuva Sangram Samiti Student Union of AAP) ৷

লগতে এই সংবাদ মেলৰ পৰাই অসম চৰকাৰক ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ অসমৰ কলেজ ইউনিটৰ সভাপতি দৰ্পণ নাথে প্ৰশ্ন কৰে, ‘‘2021-22 বৰ্ষত শিক্ষা বাজেটত প্ৰায় 16000 কোটি টকা ধাৰ্য কৰা হৈছিল । সেই ধন ক’লৈ গ’ল ? কিয় চৰকাৰে প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা 300 টকাকৈ লৈছে ? শিক্ষাৰ নামত আৱন্টিত ধন ক’লৈ গ’ল ৰাজহুৱাকৈ হিচাপ দিয়ক’’ ৷

অসম চৰকাৰক দিল্লীৰ শিক্ষা ব্যৱস্থাক অনুসৰণ কৰিবলৈ আহ্বান দৰ্পণ নাথৰ

আনকি উক্ত সংবাদমেলৰ জৰিয়তে অসম চৰকাৰক দিল্লীৰ শিক্ষা ব্যৱস্থাটোক অনুসৰণ কৰিবলৈ আহ্বান জনাই ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে (AAP organize Press conference in Guwahati) ৷

উল্লেখ্য যে, অসম চৰকাৰে বন্ধ কৰিবলৈ লৈছে গুৱাহাটীৰ আমিনগাঁও প্ৰাথমিক বিদ্যালয়, লাচিতগড় প্ৰাথমিক বিদ্যালয়, ঘোৰামাৰা প্ৰাথমিক বিদ্যালয়, মাজগাঁও প্ৰাথমিক বিদ্যালয়, টিলিংগা প্ৰাথমিক বিদ্যালয়, ৰুদ্ৰসিংহ প্ৰাথমিক বিদ্যালয় । অসম চৰকাৰে গুৱাহাটীৰ এই 6 খন প্ৰাথমিক বিদ্যালয় বন্ধ কৰিবলৈ লোৱা কাৰ্যকো তীব্ৰ বিৰোধিতা কৰে সভাপতি দৰ্পণ নাথে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে দেশত এক অশুভ পৰম্পৰা আৰম্ভ কৰাৰ অভিযোগ জাতীয় যুৱ বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.