ETV Bharat / city

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযানত মহিলাসহ ৯ জনক গ্ৰেপ্তাৰ

মহানগৰীৰ বিভিন্ন স্থানত চলোৱা অভিযানত বুজন পৰিমাণৰ চুলাই মদ জব্দ । ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত ৬ জন সুৰাপায়ীৰ পৰা ১৪ হাজাৰ টকা জৰিমনা আদায় ৷

9 persons including women arrested in excise department raid in Guwahati
গুৱাহাটীত আবকাৰী বিভাগৰ অভিযানত মহিলাসহ ৯ জনক গ্ৰেপ্তাৰ
author img

By

Published : Sep 16, 2021, 8:28 AM IST

গুৱাহাটী, 16 ছেপ্টেম্বৰ : কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগে বুধবাৰে অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলায় ৷ অভিযানকাৰী দলে বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে ৷ জিলাখনৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী বিভাগৰ চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে যৌথভাৱে চলায় এই অভিযান ।

9 persons including women arrested in excise department raid in Guwahati
গুৱাহাটীত আবকাৰী বিভাগৰ অভিযান

আবকাৰী বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, উলুবাৰীৰ কছাৰীবস্তি, ফটাশিল আমবাৰী, ভূতনাথ ,গণেশগুৰি, জটিয়া, বেলতলা, ঘোঁৰামাৰা, আগষ্টক্ৰান্তি পথ, বামুণীমৈদাম, পাণ্ডু বজাৰত আবকাৰী বিভাগে চলায় এই অভিযান ৷ অভিযানৰ সময়ত বিভাগে প্ৰায় ৫০০ লিটাৰৰো অধিক চুলাই মদ জব্দ কৰে । আনহাতে অভিযানকাৰী দলটোৱে মহিলাসহ ৯ জন বিক্ৰেতাক গ্ৰেপ্তাৰ কৰে ।

আনহাতে, এই অভিযানত ৬ জন সুৰাপায়ীক ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত তেওঁলোকৰ পৰা জৰিমনা হিচাপে ১৪ হাজাৰ টকা সংগ্ৰহ কৰে ৷ গ্ৰেপ্তাৰ কৰা ৯ গৰাকী সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অসম আবকাৰী আইনৰ অধীনত গোচৰ ৰজু কৰি বুধবাৰে বিয়লি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৷ সম্প্ৰতি ন্যায়ালয়ে আটাইকেইগৰাকীক জেললৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীক সুৰা মুক্ত কৰাৰ লক্ষ্যৰে আবকাৰী বিভাগে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী আটাইকেইটা সদৰত চুলাই মদৰ উপৰি দেশী-বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে ।

লগতে পঢ়ক : ক্ৰাইম ৰেকৰ্ডত ভয়াৱহ তথ্য : ২০২০ চনত ২৬ গৰাকী নাৰীক ধৰ্ষণ কৰি হত্যা অসমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.