ETV Bharat / city

24 মাৰ্চৰ পৰা আৰম্ভ হ’ব বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা - 16 teams will participate in Bordoloi Trophy football

ৰাজ্যৰ ফুটবল প্ৰেমীৰ বাবে সুখবৰ ৷ অহা 24 মাৰ্চৰ পৰা আৰম্ভ হ'ব 68 সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট (68th Bordoloi Trophy football)। এইবাৰ বৰদলৈ ট্ৰফীত 16 টা দলে অংশ গ্ৰহণ কৰিব আৰু চাৰি স্থানত অনুষ্ঠিত হ'ব এই খেল ।

68th Bordoloi Trophy football
68th Bordoloi Trophy football
author img

By

Published : Mar 21, 2022, 11:14 AM IST

Updated : Mar 21, 2022, 11:58 AM IST

গুৱাহাটী, 21 মাৰ্চ : বৰদলৈ ট্ৰফী বা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী হৈছে অসমৰ ক্ৰীড়াজগতৰ এক সন্মানীয় ফুটবল প্ৰতিযোগিতা (Bordoloi Trophy football tournament)৷ অহা 24 মাৰ্চৰ পৰা আৰম্ভ হ'ব 68 সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট (68th Bordoloi Trophy football) । এইবাৰ বৰদলৈ ট্ৰফীত 16 টা দলে অংশ গ্ৰহণ কৰিব আৰু চাৰি স্থানত অনুষ্ঠিত হ'ব এই খেল । গুৱাহাটীৰ জজ খেলপথাৰ, নেহৰু ষ্টেডিয়াম, বাইহাটা চাৰিআলিৰ কৰৰা, ছিপাঝাৰ আৰু চিৰাঙত অনুষ্ঠিত হ'ব বৰদলৈ ট্ৰফী টুৰ্ণামেণ্ট । দেওবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত আয়োজিত এখন সংবাদমেলত এই বিষয়ে সদৰি কৰে গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই ।

24 মাৰ্চ পৰা আৰম্ভ হ’ব বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা

বৰদলৈ ট্ৰফ্ৰীত অংশগ্ৰহণ কৰিবলগীয়া 16 টা দল (16 teams will participate in Bordoloi Trophy football) ক্ৰমে গুৱাহাটী টাউন ক্লাব, এ এছ ই বি এফ চি, আই টি বি পি, ইণ্ডিয়া ক্লাব শিলচৰ, দিল্লী এফ চি, অসম পুলিচ ব্লুজ গুৱাহাটী, দৈমালু ক্লাৱ ওডালগুৰি, আচাম ৰাইফলচ শ্বিলং, চি আই এছ এফ দিল্লী, অইল ইণ্ডিয়া এফ চি, বদৌচা এফ চি, নাগালেণ্ড পুলিচ, নৰ্থ ইষ্ট ইউনাইটেড এফ চি, ইউনাইটেড চিৰাং দুৱাৰ এফ চি, শ্বিলং লাজং এফ চি, আচাম ৰেজিমেণ্ট চেণ্টাৰ ।

মুঠ 16 টা দলক 4 টা গ্ৰুপত ভাগ কৰা হৈছে । গ্ৰুপ A ত আছে আই টি বি পি, এ এছ ই বি এফ চি, গুৱাহাটী টাউন ক্লাৱ আৰু ইণ্ডিয়া ক্লাৱ শিলচৰ ৷ এই চাৰিটা দলৰ খেল অনুষ্ঠিত হ’ব জৰ্জ ফিল্ডত ৷ কৰৰাত খেল অনুষ্ঠিত হ’ব লগীয়া গ্ৰুপ B ত আছে দিল্লী এফ চি, অসম পুলিচ ব্লুজ, দৈমালু ক্লাৱ ওডালগুৰি আৰু আচাম ৰাইফলচ শ্বিলং ৷

একেদৰে গ্ৰুপ C ৰ খেল অনুষ্ঠিত হ’ব ছিপাঝাৰত ৷ গ্ৰুপ C ত স্থান লাভ কৰিছে চি আই এছ এফ দিল্লী, অইল ইণ্ডিয়া এফ চি, বদৌচা এফ চি, নাগালেণ্ড পুলিচ দলে ৷ গ্ৰুপ D ৰ খেল অনুষ্ঠিত হ’ব চিৰাঙত ৷ গ্ৰুপ E ত আছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি, ইউনাইটেড চিৰাং দুৱাৰ এফ চি, শ্বিলং লাজং এফ চি, আচাম ৰেজিমেণ্ট চেণ্টাৰ ৷

24 মাৰ্চত জজ খেল পথাৰ আৰু কৰৰা বাইহাটা চাৰিআলি গ্ৰুপ A আৰু B খেল অনুষ্ঠিত হ’ব ৷ 25 মাৰ্চত চিৰাং আৰু ছিপাঝাৰত হ'ব C আৰু D গ্ৰুপৰ দুখন খেল । 1 এপ্ৰিলত জজ খেলপথাৰ আৰু নেহৰু ষ্টেডিয়ামত একে সময়তেই অনুষ্ঠিত কৰা হ'ব দুয়খ ছেমিফাইনেল । ইফালে 3 এপ্ৰিলত জজ খেলপথাৰত ফাইনেল অনুষ্ঠিত হ'ব । বিজয়ী দললৈ 2 লাখ টকাৰ প্ৰাইজমানি আৰু ৰানাৰ্ছ আপ দললৈ 1 লাখ টকাৰ প্ৰাইজমানি আগবঢ়োৱা হ’ব ।

লগতে পঢ়ক : বিশেষভাৱে সক্ষম শিশুক গামোচা পিন্ধাই মৰম যাঁচিলে মুখ্যমন্ত্ৰীয়ে

Last Updated : Mar 21, 2022, 11:58 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.