ETV Bharat / city

ৰাজ্যৰ ৬০.২ শতাংশ চৰকাৰী বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা : আপৰ সমীক্ষা

author img

By

Published : Sep 5, 2022, 10:35 PM IST

ৰাজ্যৰ দুৰ্বল শিক্ষা ব্যৱস্থাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া আপৰ (Poor education system of Assam school) ৷ ৰাজ্যৰ ৬০.২ শতাংশ চৰকাৰী বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, ৬৯.৮ শতাংশ বিদ্যালয়ত নাই খেলপথাৰ । আনহাতে ৮৪.১ শতাংশ বিদ্যালয়ত পুথিভঁৰাল আৰু ৯৪.৯ শতাংশ বিদ্যালয়ত নাই কম্পিউটাৰ । আপৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ৷

Assam do not have access to safe drinking water facilities
আপৰ সংবাদমেল

গুৱাহাটী, ৫ আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাক ষড়যন্ত্ৰমূলকভাৱে ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলি আম আদমী পাৰ্টী অসমৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে (Primary schools in Assam) । সোমবাৰে গুৱাহাটীৰ গণেশগুৰিত থকা আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আপ অসমৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মাই এই অভিযোগ কৰে (AAP Assam Unit) ৷ তেওঁ কয় যে, অসমৰ দুখীয়া আৰু সাধাৰণ মানুহৰ সন্তানৰ বাবে শিক্ষাক দুর্লভ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনতেই কচৰৎ আৰম্ভ কৰিছিল ৷

তেওঁ লগতে কয় যে, আজি মুখ্যমন্ত্ৰী হৈ তেওঁ এই ষড়যন্ত্ৰৰ সফল ৰূপ দিবলৈ আৰম্ভ কৰিছে । হিমন্ত বিশ্বই(Assam CM Himanta Biswa Sarma) কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ দিনত একেৰাহে প্রায় পোন্ধৰ বছৰ শিক্ষামন্ত্ৰী হৈ আছিল ৷ সেই সময়তে সর্বশিক্ষা অভিযানৰ দৰে অভিলাসী আঁচনিৰ জৰিয়তে কোটি কোটি টকা বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে মোকলাই দিছিল । কিন্তু তেওঁৰ শিক্ষা মন্ত্রিত্বৰ কালত অসমৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থা বেয়াৰ পৰা অতি বেয়া অৱস্থালৈহে গতি কৰে ৷ তেওঁৰ অদক্ষতা আৰু কু-অভিসন্ধিৰ বাবে বছৰৰ পাছত বছৰ ধৰি চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নতি নহ'ল (Poor education system of Assam school) ৷

আপৰ সংবাদমেল

ৰাজেশ শৰ্মাই লগতে কয় যে, উচ্চ আৰু উচ্চতৰ স্তৰত শিক্ষকৰ নিযুক্তি বন্ধ কৰি থোৱাত হাজাৰ হাজাৰ শিক্ষকৰ পদ খালী হৈ পৰি থাকিল ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ শিক্ষা মন্ত্রিত্বৰ সময়তে চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকসকলৰ আস্থা সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হ'ল ৷ ফলত গাঁৱে-ভূঞে, চহৰে-নগৰে ব্যক্তিগত বিদ্যালয় ঠন ধৰি উঠিল আৰু চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি আহিল । চৰকাৰী বিদ্যালয় ধ্বংসৰ পোন্ধৰ বছৰীয়া এই ষড়যন্ত্ৰৰ অন্তত এতিয়া বিজেপি চৰকাৰে স্কুলত ছাত্র-ছাত্রীৰ অভাৱক দোহাই দি এফালৰ পৰা চৰকাৰী বিদ্যালয় বন্ধ কৰি গৈ আছে ।

শৰ্মাই আৰু কয় যে, অদক্ষ তথা বিফল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন নকৰাকৈ আৰু শিক্ষাৰ গুণগত মান উন্নত কৰিবলৈ বিন্দুমাত্রাও চেষ্টা নকৰাকৈ ৰাইজে গঢ়া বিদ্যালয়সমূহ এতিয়া একত্ৰিকৰণৰ নামত বিলুপ্তিকৰণ অভিযান আৰম্ভ কৰিছে । শেহতীয়াকৈ চৰকাৰে ১,৭১০ খন বিদ্যালয় বন্ধ কৰি দিছে । তেওঁ কয় যে, অসম চৰকাৰৰ দ্বাৰা নৱনিৰ্মিত আদর্শ বিদ্যালয়বোৰত মাহিলী ৩০০ টকাকৈ মাচুল ধার্য কৰা জাননীয়ে ইতিমধ্যে ইয়াৰ আভাষ প্ৰদান কৰিছেই ।

সংবাদ মেলত আপৰ যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত দুবেই কয় যে, অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ পয়ালগা অৱস্থাৰ স্বৰূপটো হিমন্ত বিশ্ব শৰ্মাই অতদিনে ৰাইজৰ পৰা লুকুৱাই ৰাখি আভুৱা-ভাৰি অহিছে । তেওঁ আৰু কয় যে, আপ অসমে যোৱা ১ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ অসমতে 'বিদ্যালয় বচাওঁ আহক' শীর্ষক এলানি কাৰ্যসূচী হাতত লৈছে । দলৰ স্বেচ্ছাসেৱকসকলে এইকেইদিন ৰাজ্যৰ চুকে-কোণে থকা বিদ্যালয়সমূহ পৰিদৰ্শন কৰি বিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু গুণগত মানৰ এক সমীক্ষা চলায় আৰু ইয়াৰ পৰা আহৰণ কৰা তথ্যই বিজেপি চৰকাৰৰ মুখা খুলি দিছে ।

শৰ্মাই প্ৰকাশ কৰা মতে, এই সমীক্ষাত পোৱা তথ্য অনুসৰি ৰাজ্যৰ ৬০.২ শতাংশ চৰকাৰী বিদ্যালয়ত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নাই (Safe drinking water facilities) । ৬৯.৮ শতাংশ বিদ্যালয়ত খেলপথাৰ নাই । ৮৪.১ শতাংশ বিদ্যালয়ত পুথিভঁৰাল নাই । ৯৪.৯ শতাংশ বিদ্যালয়ত কম্পিউটাৰ নাই । বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাল পৰিকাঠামোৰ ১২.৪ শতাংশ, মধ্যমীয়া ২৫.৮ শতাংশ আৰু বেয়া আন্তঃগাঁথনিৰ স্কুলৰ হাৰ ৬১.৮ শতাংশ ।

লগতে পঢ়ক: কটকটীয়া নিৰাপত্তা বেষ্টনীৰে মুখ্যমন্ত্ৰীৰ বাবে সাজু চৰাইখোলাৰ অতিথিশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.