গুৱাহাটী, 5 মে' : সোণাপুৰৰ নাজিৰাখাটত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছ ৷ তীব্ৰ বেগেৰে অহা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৷ 20 গৰাকী যাত্ৰী লৈ গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় AR-11-8470 নম্বৰৰ যাত্ৰীবাহী বাছখন ৷ ইপিনে দুৰ্ঘটনাটোত যাত্ৰীসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় 5 গৰাকীকৈ যাত্ৰী ৷ আহত যাত্ৰীসকলক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় সোণাপুৰ অসামৰিক চিকিৎসালয়লৈ ৷
সোণাপুৰৰ নাজিৰাখাটত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ
সোণাপুৰত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছ ৷ তীব্ৰ বেগেৰে অহা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৷ কথমপি প্ৰাণ ৰক্ষা যাত্ৰীসকলৰ ৷