ETV Bharat / city

ৰাজ্যজুৰি উদযাপিত হ'ল শিশু দিৱস - ৰাজ্যজুৰি উদযাপিত হ'ল শিশু দিৱস

14 নৱেম্বৰত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশজুৰি পালন কৰা হয় শিশু দিৱস ৷ শিশুসকলৰ মৰমৰ নেহেৰু খুড়া নামে জনা গৈছিল পণ্ডিত নেহৰুক ৷

ৰাজ্যজুৰি উদযাপিত হল শিশু দিৱস
author img

By

Published : Nov 14, 2019, 11:39 PM IST

নিউজ ডেস্ক,14 নৱেম্বৰ: বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ উলহ মালহেৰে পালন কৰা হ'ল শিশু দিৱস ৷ শিশু দিৱসৰ এই বিশেষ দিনটোত গুৱাহাটীত যদি শিশুৰ সুৰক্ষাৰ অৰ্থে অসম চৰকাৰে মুকলি কৰিলে মবাইল এপ ৷ লখিমপুৰত মিঠা তেল সনা কলগছত উঠি গছত উলমি থকা 100 টকাৰ নোট আনিবলৈ যোৱা শিশুৰ দৃশ্যই আমোদ যোগালে সকলোকে ৷

গোৱালপাৰাতো ব্যতিক্ৰমী ৰূপত পালন কৰা হ'ল শিশু দিৱস ৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যা তথা ইন্টাৰনেটে শিশুসকলৰ জীৱন ক্ৰমান্বয়ে কংক্ৰীটত পৰিণত কৰিছে তেনে সময়তে শাচিবৰীত শিশুসকলৰ মাজত দেখা গ'ল গ্ৰাম্য ক্ৰীড়াৰ এক মনোগ্ৰাহী দৃশ্য ৷

ইয়াৰোপৰি এই বিশেষ দিনটোত মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়টো গীতে মাতে উদযাপিত হ'ল শিশু দিৱস ৷ শিশু অৱস্থাৰ পৰাই যাতে শিশুসকল মানসিক তথা বৌদ্ধিক বিকাশ সবল হয় তাৰ ওপৰত গুৰুত্ব দি জাতীয় বিদ্যালয়ে শিশুসকলৰ মাজত আয়োজন কৰিলে ভেশচন,গীত,নৃত্যকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ৷ ঠিক সেইদৰেই নগাঁৱৰ বটদ্ৰৱাটো শুভাযাত্ৰাৰে এম কে আদৰ্শ জাতীয় বিদ্যালয়ৰ কণ কণ শিশুসকলে স্মৰণ কৰিলে নেহৰু খুড়াক ৷ লগতে ৰাজ্যৰ বিভিন্ন স্থানত উদযাপিত হোৱা শিশু দিৱস কাৰ্যসূচীত দেশৰ ভৱিষ্যত শিশুসকলক নেহৰুৰ আদৰ্শক জীয়াই ৰখাৰ বাবে আহ্বান জনালে উদ্যোক্তাই ৷ এই সমগ্ৰ বিষয় সামৰি চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷

লগতে চাওকঃ চাৰিশ শিশুৱে একেলগে চিনেমা চালে মহানগৰীৰ অনুৰাধা ছবিগৃহত

Intro:শিশু দিৱসৰ লগত সংগতি ৰাখি তাজ ভিভাণ্টত বিলাসী কাৰ্যসূচী।

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ শিশু দিৱস উদযাপন।এই অনুষ্ঠানত শিশু সুৰক্ষা নামৰ এটা মোবাইল এপ মু কলি কৰা হয়।এই এপটোৰ জৰিয়তে শিশুৰ ওপৰত চলা অত্যাচাৰ খুব তৎকালীন ভাবে সকলো লোকে অৱগত কৰিব পাৰিব।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উন্মোচন কৰে এই বিশেষ এপটো।লগতে শিশু সকলৰ বিভিন্ন অপৰাধক লৈ অসম আৰক্ষীৰ তৰফৰ পৰা এখন গ্ৰন্থ প্ৰকাশ কৰা হয়।এই অনুষ্ঠানতে উন্মোচন কৰা হয় গ্ৰন্থখন।এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিধায়ক নোমল মমিন, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া,কটন বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ভৱেশ চন্দ্ৰকে ধৰি শিশু অধিকাৰ আয়োগৰ কৰ্মকর্তা আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই আয়োগৰ অধ্যক্ষ শুনিতা চাংকাকটিক এনে অনুষ্ঠানৰ গ্ৰামাঞ্চলত অনুষ্ঠিত কৰিলে বেছি উপকৃত হল হয় বুলি মত ব্যক্ত কৰে।

Body:অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ভাষণ --
সমাজত এতিয়াও কুসংস্কাৰ অন্ধাকাৰ বিশ্বাস বিৰাজমান
যদিওবা আজি আমি সমাজৰ উন্নয়ণৰ দাবী কৰো
কিন্তু সচা অৰ্থত সেয়া হৈ উঠা নাই
মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ
গাও পঞ্চায়ত পৰ্য্যায়ত শিশু সুৰক্ষা, অধিকাৰ বিষয়ত অনুষ্ঠান অনুস্হিত কৰিব লাগিব
চাহ বাগিছা অঞ্চলত বিশেষভাবে শিশু সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব
শিশু সকলক আদৰ কৰক
শিশু সকলক অবজ্ঞা নকৰিব
সমাজৰ উন্নয়ণ কৰিব লাগিলে শিশুসকলক গুৰুত্ব দিব লাগিব
যিটো খণ্ডত অধিক গুৰুত্ব দিব লাগে তাত আমি অৱহেলা কৰিছো
Conclusion:কিন্তু যিমান সজাগতাৰ সৃষ্টি কৰিব লাগিছিল সেয়া কৰা হোৱা নাই
শিশু সুৰক্ষাৰ বাবে শিশু দিৱসৰ লগতে অসম ৰাজ্যিক শিশু সুৰক্ষা আযোগে লব লাগিব বিশেষ দিন
শিশু সকলক সম্বোধন কৰোতে সাৱলীল শব্দ ব্যৱহাৰ কৰিব লাগিব
মন্তব্য মুখ্যমন্ত্ৰী সোনোৱালৰ
শ্ৰেণীকোঠাতে শিক্ষকৰ দায়িত্ব শেষ নহয়
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.