ETV Bharat / city

বিশ্ব কবিতা দিৱসত ডিব্ৰুগড়ত "গুঞ্জৰিত কাব্য ধ্বনি" - বিশ্ব কবিতা দিৱস

ডিব্ৰুগড়ত বিশ্ব কবিতা দিৱস উপলক্ষ্যে "গুঞ্জৰিত কাব্য ধ্বনি" শীৰ্ষক স্ব-ৰচনাৰ কবিতা পাঠৰ অনুষ্ঠান ৷ অনুষ্ঠানটোত বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

বিশ্ব কবিতা দিৱসত ডিব্ৰুগড়ত গুঞ্জৰিত কাব্য ধ্বনি
বিশ্ব কবিতা দিৱসত ডিব্ৰুগড়ত "গুঞ্জৰিত কাব্য ধ্বনি"
author img

By

Published : Mar 22, 2021, 8:47 AM IST

Updated : Jun 27, 2022, 3:20 PM IST

ডিব্ৰুগড়, 22 মাৰ্চ : বিশ্বৰ জাতীয়, স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় কবিতা আন্দোলনসমূহক উৎসাহ যোগাবলৈ প্ৰতিবছৰে 21 মাৰ্চৰ দিনটো বিশ্ব কবিতা দিৱস হিচাপে পালন কৰাৰ কথা ইউনেস্ক'ই (UNESCO) 1999 চনত ঘোষণা কৰিছিল ৷ তেতিয়াৰ পৰাই এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰি অহাৰ লগতে বিভিন্ন অনুষ্ঠানসমূহে পালন কৰি আহিছে ৷

বিশ্ব কবিতা দিৱসত ডিব্ৰুগড়ত "গুঞ্জৰিত কাব্য ধ্বনি"

ডিব্ৰুগড় সাহিত্য সভা আৰু নৱজাগৰণ সাহিত্য আৰু সংস্কৃতিৰ দিশত এখোজৰ উদ্যোগত বিশ্ব কবিতা দিবস উপলক্ষে "গুঞ্জৰিত কাব্য ধ্বনি" শীৰ্ষক স্ব-ৰচনাৰ কবিতা পাঠৰ অনুষ্ঠানটোত কবিতাৰ কোমল শব্দই সকলোৰে মন প্ৰাণ মোহিত কৰি তোলে ৷ 'ব্লজম এক্সটিকা' উদ্যানৰ সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অনুষ্ঠিত হোৱা উক্ত আনুষ্ঠানটোৰ আঁত ধৰে আইমণি দিহিঙীয়াই ৷

বিশ্ব কবিতা দিৱসত ডিব্ৰুগড়ত

ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক তথা সাংবাদিক ৰাতুল গোহাঁইয়ে উদ্দেশ্য ব্যাখ্যা কৰা মনোমোহা অনুষ্ঠানটোত উপস্থিত থাকে ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি, বিশিষ্ট সাহিত্যিক, লেখক কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 শশীকান্ত শইকীয়া, নৱজাগৰণ সাহিত্য আৰু সংস্কৃতিৰ দিশত এখোজৰ উপদেষ্টা, লেখক সুমন দত্ত, ব্লজম এক্সটিকাৰ স্বত্বাধিকাৰ দ্বীপজ্যোতি চেতিয়া, ব্ৰহ্মপুত্ৰ মুকুতাৰ স্বত্বাধিকাৰি ধিৰাজ বিকাশ গগৈ, সাংস্কৃতিক সম্পাদিকা টুনুমনি বৰুৱা সহ অন্যান্য বহু লোক ৷

আনহাতে, উক্ত অনুষ্ঠানতে 'পথিকৰ' দ্বাৰা বিশেষভাবে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰা গ্ৰন্থ সংগ্ৰহ অভিযান আৰু সংগীতৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

লগতে পঢ়ক : মাইবাঙত বিজেপিৰ নিৰ্বাচনী জনসভাত বিজেপিৰ প্ৰভাৰী কেদাৰ যোশী

Last Updated : Jun 27, 2022, 3:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.