ডিব্ৰুগড়, ২৯ এপ্ৰিলঃ এইবাৰ অখিল গগৈৰ মুক্তিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মুকলি চিঠি । কোভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মানৱীয়তাৰ খাতিৰত নেতাগৰাকীক মুকলি কৰি দিবলৈ আহ্বান জনাইছে পৰেশ বৰুৱাই ।
পৰেশ বৰুৱাই লগতে উল্লেখ কৰে যে, অখিল গগৈ আৰু তেওঁৰ সতীৰ্থৰ ৰাজনৈতিক দৃষ্টিভংগী হয়তো অসম চৰকাৰৰ লগত পৃথক হ'ব পাৰে কিন্তু তেওঁলোক কোনো অপৰাধমূলক কাৰ্যকলাপৰ লগত জড়িত নহয় । সেয়ে মানৱীয়তাৰ খাতিৰত কাৰাবন্দী কৃষক নেতা আৰু তেওঁৰ সতীৰ্থক মুকলি কৰি দিবলৈ অনুৰোধ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ গৰাকীয়ে ।
লগতে পঢ়কঃ চৰকাৰী সাহাৰ্যৰ 500 টকাৰ বাবেই মাতৃক ঘৰৰ পৰা বহিস্কাৰ কৰিলে দুই পুত্ৰই !