ETV Bharat / city

ডিব্ৰুগড়ত শিশু শ্ৰমিকক নিৰ্যাতন চলোৱা দুই অভিযুক্তক গ্ৰেপ্তাৰ - গ্ৰীনউড চাহ বাগিচা

গ্ৰীনউড চাহ বাগিচাৰ এখন হোটেলৰ সমুখত এটি শিশুক প্ৰহাৰ কৰা ঘটনাক লৈ চাঞ্চল্য ৷ ভিডিঅ’ ভাইৰেল হোৱাৰ পাচতে আটক দুজনক ৷

Two people arrested for tortured a child at Dibrugarh
ডিব্ৰুগড়ত শিশু শ্ৰমিকক নিৰ্যাতন চলোৱা দুই অভিযুক্তক গ্ৰেপ্তাৰ
author img

By

Published : Oct 27, 2021, 7:38 PM IST

মৰাণ, 27 অক্টোবৰ : ডিব্ৰুগড়ত কিশোৰৰ ওপৰত নিৰ্যাতন চলোৱা অভিযোগত আৰক্ষীয়ে বুধবাৰে দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ ডিব্ৰুগড়ৰ উপকণ্ঠ অঞ্চলৰ গ্ৰীনউড চাহ বাগিচাৰ এখন হোটেলত সংঘটিত হৈছিল এই ঘটনা ৷ আৰক্ষীয়ে আটক কৰা মূল অভিযুক্ত দুজন হৈছে টেটুন গুৱালা আৰু হৰিনন্দ গুপ্তা বুলি জানিব পৰা হৈছে ।

এখন বাইক পাৰ্কিং কৰাক লৈ টেটুন গুৱালা নামৰ লোকজনে হৰিনন্দ গুপ্তাৰ হোটেলত কাম কৰা দহ বছৰীয়া কিশোৰটিক চৰ, কিল, ভুকু সোধাইছিল ৷ এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হয় । ইয়াৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

আনহাতে এই ঘটনাক লৈ বিভিন্ন জাতীয় সংগঠনে মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল । অৱশেষত লাহোৱাল আৰক্ষীয়ে অভিযান চলাই বুধবাৰে উক্ত অঞ্চলৰ পৰা টেটুন গুৱালা আৰু হৰিনন্দ গুপ্তা নামৰ অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ধেমাজিত GST একাউণ্টৰ জালিয়াতিৰে ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.