টিংখাং, 25 আগষ্ট : কিছুদিনৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন স্থানত বহু গাহৰিৰ অস্বাভাৱিক মৃত্যুৱে শংকিত কৰি তুলিছিল গাহৰি পালকসকলক । চৰকাৰীভাৱে উজনি অসমৰ কেইবাখনো জিলাত গাহৰিৰ মাংস বিক্ৰী বন্ধ কৰা হৈছিল ।
পুনৰ টিংখাঙৰ ৰাজগড়ত গাহৰিৰ অস্বাভাৱিক মৃত্যুৱে শংকিত কৰি তুলিছে গাহৰি পালকসকলক । টিংখাঙৰ ৰাজগড় দুলেশ্বৰ কলিতা নামৰ ব্যক্তিজনৰ গাহৰি ফাৰ্মত দুদিনৰ ভিতৰত 6টাকৈ গাহৰিৰ অস্বাভাৱিক মৃত্যুৱে শংকিত কৰি তুলিছে যুৱ ব্যৱসায়ীজনক । তদুপৰি তেওঁৰ ফাৰ্মৰ বাকীসকল গাহৰিৰ স্বাস্থ্যও ভাল নহয় বুলি জানিবলৈ দিয়ে । খাদ্য খাবলৈ ইচ্ছা নকৰা আৰু কম সময়ৰ ভিতৰতে কপি কপি মৃত্যু মুখত পৰিছে গাহৰিসমূহ । কেৱল তেওঁৰে নহয় ৰাজগড়ৰে আন এগৰাকী মহিলাৰো একেদিনাই তিনিটাকৈ গাহৰিৰ অস্বাভাৱিক মৃত্যুত পুনৰ গাহৰি মৃত্যু হোৱা ৰোগ আহিছে বুলি শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : তেজপুৰত আত্মপ্ৰকাশ "সংযুক্ত আঞ্চলিক দল অসম" নামে নতুন ৰাজনৈতিক দল