ETV Bharat / city

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিৱেশনৰ শীৰ্ষ গীত মুকলি - ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ

অধিৱেশনখনিৰ তাৎপৰ্য আৰু ডিব্ৰুগড় জিলাৰ ঐতিহ্য, সংস্কৃতি ইত্যাদিক সাঙুৰি প্ৰস্তুত কৰা হৈছে এই শীৰ্ষ গীতটি ৷ গীতটিৰ কথা হিতেশ শইকীয়াৰ, সুৰ নিগৰাইছে বিশিষ্ট সংগীত শিল্পী বিপিন চাওদাং, অমল গগৈ আৰু হিতেশ শইকীয়াই ৷ গীতটিত কণ্ঠদান কৰিছে বিপিন চাওদাং আৰু কল্পনা মৰাণে ৷ (Srimanta Sankardev Sangha's Naharkatia conference) ।

the title song of the 91st session of Srimanta Sankardev Sangha released
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিৱেশনৰ শীৰ্ষ গীত মুকলি
author img

By

Published : Feb 20, 2022, 2:04 PM IST

মৰাণ, 20 ফেব্ৰুৱাৰী : ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত ২৫ৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব(Srimanta Sankardev Sangha Adhiveshan at Naharkatia) উত্তৰ পূৱ ভাৰতৰ অন্যতম সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন(Srimanta Sankardev Sangha annual conference)৷ ক'ভিড প্ৰটক'ল অনুসৰি সীমিত পৰিসৰেৰে আৰু মিতব্যয়ীতাৰে আয়োজন কৰা হ'ব এই অধিৱেশনখন ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিৱেশনৰ পূৰ্বে শনিবাৰে উন্মোচন কৰা হ'ল এটি শীৰ্ষ গীতৰ(the titled song of Srimanta Sankardev Sangha) ৷ অধিৱেশনখনিৰ তাৎপৰ্য আৰু ডিব্ৰুগড় জিলাৰ ঐতিহ্য, সংস্কৃতি ইত্যাদিক সাঙুৰি প্ৰস্তুত কৰা হৈছে এই শীৰ্ষ গীতটি ৷ গীতটিৰ কথা হিতেশ শইকীয়াৰ, সুৰ নিগৰাইছে বিশিষ্ট সংগীত শিল্পী বিপিন চাওদাং, অমল গগৈ আৰু হিতেশ শইকীয়াই ৷ গীতটিত কণ্ঠদান কৰিছে বিপিন চাওদাং আৰু কল্পনা মৰাণে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিৱেশনৰ শীৰ্ষ গীত মুকলি

মৃণাল কুমাৰ বৰুৱা, অমল গগৈ আৰু কল্পনা মৰাণৰ সংলাপ, ভাস্কৰ নিলমৰ সংগীত ব্যৱস্থাপনা আৰু শব্দ সংযোজনেৰে সৃষ্ট এই গীতটোৰ পৰিকল্পনা আৰু প্ৰকাশ কৰি উলিয়াইছে ৯১ সংখ্যক বাৰ্ষিক অধিবেশনৰ আদৰণি সমিতিয়ে ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিবেশন উপলক্ষে আদৰণী সমিতিয়ে নিৰ্মাণ কৰি উলিওৱা শীৰ্ষ গীতটো শনিবাৰে অধিবেশনস্থলীত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় । সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু প্ৰধান সম্পাদক বাবুল বড়াই উন্মোচন কৰে শীৰ্ষ গীতটি ৷ উন্মোচনী অনুষ্ঠানত উদযাপন সমিতিৰ সহস্ৰাধিক লোক আৰু ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে ৷

এই অনুষ্ঠানতেই দেখা গ'ল হিন্দু-মুছলমানৰ একতাৰ দৃশ্য । বিশেষকৈ এইবাৰৰ অধিবেশনৰ শোভাযাত্ৰাৰ মূল বাহন আগবঢ়োৱা দেৰগাঁৱৰ ৰাজুমণি হুছেইন নামৰ এগৰাকী মুছলমান ধৰ্মী লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে একেলগে প্ৰাৰ্থনা পৰিবেশন কৰে ।

লগতে পঢ়ক : সলনি হ’ল শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশনৰ তাৰিখ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.