ডিব্ৰুগড়, 2 অক্টোবৰ : ডিব্ৰুগড় আৰক্ষীয়ে শুকুৰবাৰে কেইবা কাৰ্টন চুৰি হোৱা বিদেশী সুৰাসহ এটা কিশোৰক আটক কৰে । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি উদ্ধাৰ হোৱা সুৰাখিনি ডিব্ৰুগড় চহৰৰ মালিপট্টিৰ M S Koyal India নামৰ প্ৰতিষ্ঠানৰ ৷
বৃহস্পতিবাৰে নিশা প্ৰতিষ্ঠানখনৰ পৰা চোৰে চুৰি কৰি নিছিল প্ৰায় 20 কাৰ্টনতকৈও অধিক সুৰাৰ কাৰ্টন ৷ প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ আৰক্ষীয়ে প্ৰতিষ্ঠানখনৰ চিচিটিভি ফুটেজৰ সহায়ত সুৰাখিনি উদ্ধাৰ কৰাৰ লগতে কিশোৰটোক আটক কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে ডিব্ৰুগড় চহৰৰ শিখ নেছনেল স্কুলৰ পাছফালৰ পৰা সুৰাখিনি উদ্ধাৰ কৰে । আৰক্ষীয়ে সদৰী কৰা অনুসৰি এতিয়াও পলাতক হৈ আছে ঘটনাৰ লগত জড়িত আন তিনি চোৰ ।
লগতে পঢ়ক : ত্ৰিপুৰাত চাৰি NLFT সদস্যৰ আত্মসমৰ্পণ