ডিব্ৰুগড়, 17 জুলাই: ডিব্ৰুগড় জিলাৰ মৰাণৰ কঠালগুৰিত এজন প্ৰধান শিক্ষক আৰু এগৰাকী সহকাৰী শিক্ষয়িত্ৰীৰ দায়িত্ব জ্ঞানহীন কৰ্মকাণ্ডই অঞ্চলটোৰ ৰাইজৰ চকু কঁপালত তুলিছে । কঠালগুৰি মজলীয়া বিদ্যালয়ৰ (Kathalguri Mvs Middle School) প্ৰধান শিক্ষক ৰণ্টু বৰুৱা আৰু সহঃ শিক্ষয়িত্ৰী চোৰামণি সোণোৱালে লগলাগি বন বিভাগ কিম্বা সংশ্লিষ্ট বিভাগৰ কোনো অনুমতি নোলোৱাকৈ বিদ্যালয়খনৰ চৌহদত থকা প্ৰায় ২০ জোপা পৈণত গছ কাটি তহিলং কৰাৰ লগতে কটা গছ পৰি বিদ্যালয়খনৰো বিস্তৰ ক্ষতিসাধন কৰে ।
যাক লৈ সম্প্ৰতি স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ১১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ১৭৬ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত বন বিভাগৰ অজ্ঞাতে বিদ্যালয়খনৰ গছ কাটি তহিলং কৰে দুয়োগৰাকী শিক্ষক দুগৰাকীয়ে ৷ ইমানেই নহয়, গছ কটাৰ সময়ত শ্ৰেণীকোঠাৰ ওপৰত গছ বাগৰি পৰাত বিদ্যালয়খনৰ ক্ষতি হয় ৷ ইতিমধ্যে বন বিভাগে কাটি পেলোৱা এই গছ সমূহ জব্দ কৰে ।
অৱশ্যে বিভাগটোৱে শিক্ষকজনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা অনুসৰি প্ৰধান শিক্ষকজনে দৈনিক মদ্যপান কৰি বিদ্যালয়লৈ আহে (Allegation against Head teacher) । কেইবছৰমানৰ আগতে তেওঁ বিদ্যালয়ৰ কিতাপ মাটিত পুতি জে'লতো যাব লগা হৈছিল বুলিও জনায় স্থানীয় লোকে ৷
ইয়াৰ পিছতো বিভিন্ন দায়িত্ব জ্ঞানহীন কাণ্ডত বিতৰ্কত সোমাই পৰে শিক্ষকজন । সেয়ে ৰাইজে শিক্ষা বিভাগক এই দুয়োগৰাকী শিক্ষকৰ বিৰুদ্ধে অনতিপলমে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
লগতে পঢ়ক: Presidential election 2022: 100 শতাংশ ভোটদান নহ’ব অসমত