ডিব্ৰুগড়, 19 আগষ্ট: ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেৱল প্ৰতাৰণা আৰু প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি নাহৰকটীয়াৰ মৰাণ তিনিআলিত টাই আহোম যুৱ পৰিষদৰ নাহৰকটীয়া মহকুমা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে, যোৱা 9 আগষ্টত গুৱাহাটীত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সহ এটা আহোম সজাতি দলৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱাল এক আলোচনাত মিলিত হৈছিল আৰু এই আলোচনাতেই মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক 15 আগষ্টত টাই আহোম জাতিসহ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ঘোষণা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল বুলি সংগঠনটোৰ বিষয়ববীয়াই জানিবলৈ দিয়ে । কিন্তু এই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেণ হোৱাত সংগঠনটো ক্ষুব্ধ হৈ বুধবাৰে মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি অতিশীঘ্ৰে আহোম জাতি সহ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ চৰকাৰক দাবী জনায় ।
যদি অতিশীঘ্ৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰে তেনেহ'লে টাই আহোম যুৱ পৰিষদ নাহৰকটীয়া মহকুমা সমিতিয়ে অধিক তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী হাতত লবলৈ বাধ্য হ’ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সকিয়াই দিয়ে টাই আহোম যুৱ পৰিষদ নাহৰকটীয়া মহকুমা সমিতিৰ সভাপতি অনন্ত ফুকনে ।
লগতে চাওক-চিৰাঙৰ বিজনীত এটা বনৰীয়া হাতীৰ মৃত্যু