মৰাণ, 14 ছেপ্টেম্বৰ: মৰাণত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ নিজ ব্যৱসায়িক প্ৰতিষ্ঠানতে আত্মহত্যা কৰিলে এজন ব্যৱসায়ীয়ে (Suicide case at Moran) ৷ মৃত ব্যৱসায়ীগৰাকী ফনীন্দ্ৰ গগৈ বুলি জানিব পৰা গৈছে ৷
ঘটনা অনুসৰি, বুধবাৰে পুৱাই দোকানলৈ বুলি ওলাই আহিছিল ফনীন্দ্ৰ গগৈ ৷ তাৰ কিছুসময় পিছত ব্যৱসায়ীজনৰ পুত্ৰই দোকানলৈ আহি চীপ লৈ থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ মৃত ফনীন্দ্ৰ গগৈ মৰাণৰ কুশল নগৰৰ ফাৰ্নিকো ফাৰ্নিচাৰ নামৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ গৰাকী আছিল (Businessman committed suicide) ৷
ব্যৱসায় ভালদৰে নচলাত হতাশ হৈয়ে এই সিদ্ধান্ত লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ উল্লেখ্য যে, ব্যৱসায়ক লৈ বিগত কিছুদিনৰ পৰা চিন্তিত হৈ আছিল মৃত ফনীন্দ্ৰ গগৈ ৷ সম্প্ৰতি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: প্ৰধানমন্ত্ৰী আবাস যোজনা ৰূপায়নত ব্যৰ্থ ৰাজ্য চৰকাৰ