ETV Bharat / city

শিক্ষাৰ্থীৰ সংখ্যা ৩৫০ঃ নাই পৰ্যাপ্ত শিক্ষক - অসম চৰকাৰৰ শিক্ষা বিভাগে

৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰী থকা নাহৰকটীয়াৰ চাচনী যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নথকাত সমস্যাত পৰিছে শিক্ষাৰ্থী ৷ শীঘ্ৰে শিক্ষক নিযুক্তি দিবলৈ শিক্ষা বিভাগক দাবী জনাইছে বিদ্যালয় কৰ্তৃপক্ষই ৷

শিক্ষাৰ্থীৰ সংখ্যা ৩৫০ঃ নাই পৰ্যাপ্ত শিক্ষক

author img

By

Published : Jun 1, 2022, 5:31 PM IST

মৰাণ, 1 জুনঃ যি সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগে যথেষ্ট সংখ্যক শিক্ষক নিযুক্তি দিছে, সেই সময়তে কিন্তু অসমৰ বিভিন্ন অঞ্চলৰ বহুসংখ্যক বিদ্যালয়তে নাই পৰ্যাপ্ত শিক্ষক ৷ তেনে এখন বিদ্যালয়েই হৈছে নাহৰকটীয়াৰ চাচনী যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয় ।

শিক্ষাৰ্থীৰ সংখ্যা ৩৫০ঃ নাই পৰ্যাপ্ত শিক্ষক

মুঠ পাঁচটাকৈ শ্ৰেণী আৰু আঠটা শাখা থকা বিদ্যালয়খনত এতিয়া শিক্ষাদান চলিছে মাত্ৰ পঞ্চাশ শতাংশ শিক্ষকৰ জৰিয়তে । উল্লেখযোগ্য যে মুঠ ৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত অনুমোদিত শিক্ষকৰ সংখ্যা ১৫ জন যদিও বৰ্তমান মাত্ৰ ৭ জন শিক্ষকহে আছে বিদ্যালয়খনত ।

যাৰ ফলত পাঠদানৰ ক্ষেত্ৰত বিদ্যালয়খন যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবি অভিভাৱক সকলৰ সহযোগিতাত বিদ্যালয়খনে নিজাববীয়াকৈ অস্থায়ী শিক্ষক নিযুক্তি দিবলৈ বাধ্য হৈছে ।

লক্ষ্যণীয় যে ন্যূনতম ৪ গৰাকী কলা শাখাৰ শিক্ষক আৰু ২ গৰাকী বিজ্ঞান শাখাৰ শিক্ষকৰ অতীৱ প্ৰয়োজন হোৱা বিদ্যালয়খনৰ ভৱিষ্যতৰ কথা ভাবি অতি শীঘ্ৰেই শিক্ষানুষ্ঠানখনত স্থায়ী শিক্ষক নিযুক্তি দিবলৈ শিক্ষা বিভাগক দাবী জনাইছে বিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়কঃ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ অভিযন্তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.