ETV Bharat / city

ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ত ন-পুৰণি শিক্ষাৰ্থী সন্মিলন

শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ত ন-পুৰণি শিক্ষাৰ্থী সন্মিলন ৷ মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ দ্বাৰা অনুষ্ঠিত হ'ব এই শিক্ষাৰ্থী সন্মিলন ৷

author img

By

Published : Sep 2, 2022, 10:34 PM IST

Moran college of Dibrugarh
Moran college of Dibrugarh

মৰাণ, 2 ছেপ্টেম্বৰ: উজনি অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয় হ'ল মৰাণ মহাবিদ্যালয় (Moran college of Dibrugarh)। শৈক্ষিক, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনত মৰাণ মহাবিদ্যালয়ে ৰাজ্যখনৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰি আহিছে । ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ত ৩ আৰু ৪ ছেপ্টেম্বৰত অৰ্থাৎ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ন-পুৰণি শিক্ষাৰ্থী সন্মিলন (Student meet at Moran college)।

ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ত ন-পুৰণি শিক্ষাৰ্থী সন্মিলন

১৯৬৪ চনৰ পৰা ২০২২ চনলৈকে মৰাণ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলক একেখন মঞ্চত ঠিয় কৰোৱাৰ মানসেৰে মহাবিদ্যালয় খনৰ ৰাজনীতি বিজ্ঞান বিভাগে অনুষ্ঠিত কৰিছে এই ন-পুৰণি শিক্ষাৰ্থী সন্মিলন । শুকুৰবাৰে মৰাণ মহাবিদ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি উদযাপন সমিতিয়ে প্ৰস্তুতি সম্পৰ্কে ৰাইজক অৱগত কৰে ।

উদ্যোক্তা সকলে জানিবলৈ দিয়া অনুসৰি শনিবাৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ৬১ জন ব্যক্তিৰ দ্বাৰা ৬১ খন পতাকা উত্তোলনৰ দ্বাৰা আৰম্ভ হ'ব অনুষ্ঠান ।

ইয়াৰ পাছতে প্ৰতিষ্ঠাপক ব্যক্তি, শিক্ষক, কৰ্মচাৰীৰ সম্বৰ্ধনা অনুষ্ঠান, ন-পুৰণি শিক্ষাৰ্থী সমাৰোহ আদি অনুষ্ঠিত হ’ব । দ্বিতীয় দিনা ঠিক তেনেদৰে সংস্কৃতিক শোভাযাত্ৰা, ন-পুৰণি শিক্ষাৰ্থীৰ অন্তৰংগ আলাপ আৰু মুকলি সভা অনুষ্ঠিত হ'ব । মুকলি সভাত ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিছে উদযাপন সমিতিয়ে । এই ন-পুৰণি শিক্ষাৰ্থী সন্মিলনক লৈ এতিয়া মৰাণ মহাবিদ্যালয়ত ব্যাপক উচ্ছাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক: পাকিস্তানত 30 বছৰীয়া বন্দিত্বৰ জীৱন কটাই অৱশেষত মাতৃভূমিত কুলদীপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.