ETV Bharat / city

আধাৰশিলা স্থাপন হ’ল চাৰি বছৰ আগত ; এতিয়াও সম্পূৰ্ণ নহ’ল বহুমুখী ভৱনৰ নিৰ্মাণ - বহুমুখী ভৱনৰ নিৰ্মাণ

মৰাণ পৌৰসভাৰ 5 নং ৱাৰ্ডত বিগত সময়চোৱাত বৰ বিশেষ উন্নয়ন নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ বিগত চাৰি বছৰে অসম্পূৰ্ণ হৈয়েই থাকিল এটা বহুমুখী ভৱনৰ নিৰ্মাণৰ কাম (Incomplete shopping complex in Moran) ৷

Incomplete shopping complex in Moran
Incomplete shopping complex in Moran
author img

By

Published : Mar 2, 2022, 12:53 PM IST

মৰাণ, 2 মাৰ্চ : ৰাজ্যৰ পৌৰসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে (Assam civic poll)৷ ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে ইতিমধ্যে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰা দেখা গৈছে ৷ বিহু নৃত্য, ভাওনাৰ বচন, কবিতা, গীত আদিৰে ভোটাৰৰ মন মোহাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰাৰ্থী সকলে (Assam civic poll campaign) ৷ ইয়াৰ মাজতে কিন্তু ৰাইজে বিগত সময়চোৱাত কিমান কি উন্নয়ন সাধন হ’ল তাতো নজৰ দিছে ৷

মৰাণ পৌৰসভাৰ 5 নং ৱাৰ্ডত বিগত সময়চোৱাত বৰ বিশেষ উন্নয়ন নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ বিগত চাৰি বছৰে অসম্পূৰ্ণ হৈয়েই থাকিল এটা বহুমুখী ভৱনৰ নিৰ্মাণৰ কাম (Incomplete shopping complex in Moran) ৷ মৰাণ ৰাজ্যিক পশু চিকিৎসালয়ৰ চৌহদত ২০১৮ বৰ্ষৰ ১৮ মাৰ্চত সেই সময়ৰ মাহমৰা সমষ্টিৰ বিধায়ক, বৰ্তমানৰ কেবিনেট মন্ত্ৰী যোগেন মহনে আধাৰশিলা স্থাপন কৰিছিল বহুমুখী ভৱনটোৰ ৷

চাৰি বছৰে সম্পূৰ্ণ নহ'ল বহুমুখী ভৱন

প্ৰায় ৬ কোটি টকা কেন্দ্ৰীয় পুঁজিৰে নিৰ্মাণ আৰম্ভ কৰা সেই সময়ৰ মৰাণ নগৰ সমিতিৰ (বৰ্তমান মৰাণ পৌৰসভা) বহুমুখী ভৱনটোৰ ৫০ শতাংশও নিৰ্মাণ সম্পূৰ্ণ নহ'ল বিগত প্ৰায় চাৰি বছৰে ৷ ভৱনৰ কাম আধৰুৱাকৈ এৰি ৰহস্যজনকভাৱে অন্তৰ্ধান হ'ল নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰী প্ৰতিষ্ঠান ৷

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ নিজা পৌৰসভাতে উন্নয়ণৰ এনে আধৰুৱা ছবিয়ে স্তম্ভিত কৰিছে মৰাণৰ সাধাৰণ নাগৰিকক ৷ কি ৰহস্যজনক কাৰণত বহুমূখী ভৱনৰ কাম সম্পূৰ্ণ নহ'ল সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে ৷ ঠিকাদাৰী প্ৰতিষ্ঠানৰ সৈতে মন্ত্ৰীৰ কমিচনৰ অংক থকা বাবেই মৰাণ পৌৰসভাত উন্নয়ণ স্থৱিৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে আছুৰ মৰাণ আঞ্চলিক সমিতিয়ে ৷

লগতে পঢ়ক : মাজুলী উপ নির্বাচন : ভোটাৰৰ পৰিচয় প্রদানৰ বাবে ১২ বিধ নথিত অনুমােদন নির্বাচন আয়ােগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.