ETV Bharat / city

পুনৰ ডিব্ৰুগড়ৰ পৰা চলিব মালবাহী আৰু যাত্ৰীবাহী জাহাজ - মালবাহী আৰু যাত্ৰীবাহী জাহাজ

ব্ৰহ্মপুত্ৰত পুনৰ চলাচল কৰিব জাহাজ । ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ পৰাই ব্ৰহ্মপুত্ৰৰ সংযোগ হ’ব সাগৰ-মহাসাগৰলৈ ।

Ship to sail again in Brahmaputra
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Oct 24, 2021, 10:14 PM IST

ডিব্ৰুগড়, ২৪ অক্টোবৰ : ডিব্ৰুগড়ত মালবাহী আৰু যাত্ৰীবাহী জাহাজৰ বাবে বন্দৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু আয়ুস মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে ডিব্ৰুগড়ত ঘোষণা কৰে এই কথা ৷ এই ঐতিহাসিক আৰু যুগান্তকাৰী সিদ্ধান্তৰ ঘোষণাৰে দেওবাৰে বগীবিলৰ সম্ভাৱনাময় নদী পৰ্যটনস্থলী পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ।

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতীয় ৰেলৱেৰ উচ্চ পদস্থ বিষয়া, বন্দৰ জাহাজ আৰু আভ্যন্তৰীণ জলপথ পৰিবহনৰ বিষয়াক লগত লৈ বগীবিল দলঙৰ সমীপত গঢ় লৈ উঠা পৰ্যটনস্থলীত আলোচনাত মিলিত হয় । উল্লেখ্য যে, এসময়ত মোহনাঘাট নদী পথেৰে ব্ৰহ্মপুত্ৰই দি জাহাজেৰে বংগোপ সাগৰৰ হৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰলৈ গৈছিল বিভিন্ন সা-সামগ্ৰী । সেই ঐতিহ্যৰ কথা উল্লেখ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ এই ডিব্ৰুগড়ৰ পৰা জাহাজ চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি দোহাৰি স্থানীয় উৎপাদিত সামগ্ৰী বিশ্বৰ বজাৰলৈ লৈ যাব বুলি আশা কৰে ।

সোণোৱালে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ ব্যৱস্থাক শক্তিশালী ৰূপত গঢ় দিয়াৰ কথা উল্লেখ কৰাৰ লগতে আমদানি-ৰপ্তানি ক্ষেত্ৰত জলপথ আটাইতকৈ কম খৰচী আৰু উত্তম যোগাযোগ ব্যৱস্থা বুলি উল্লেখ কৰে ৷ তেওঁ লগতে ভাৰত-বাংলাদেশৰ মাজত বুজাবুজি চুক্তিৰ জৰিয়তে এই অঞ্চলৰ উৎপাদিত সামগ্ৰীসমূহে বিশ্বৰ বজাৰ দখল কৰিব পাৰিব বুলি আশা কৰে ।

তেওঁ লগতে ব্ৰহ্মপুত্ৰৰ কাষত বিভিন্ন স্থানত আটক ধুনীয়াকৈ "মাল্টিমৰ্ডেল লৰ্জেষ্টিক পাৰ্ক" নিৰ্মাণ কৰাৰ সিদ্ধান্ত অনুসৰি ইতিমধ্যে যোগীঘোপা, গুৱাহাটীৰ পাণ্ডু আৰু ধুবুৰীত তেনে ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত বন্দৰ নিৰ্মাণৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদীৰ পৰ্যটনৰ সম্ভাৱনা যথেষ্ট উন্নয়ন হ’ব বুলি আশা কৰে । পৰ্যটকে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ আৰু স্থানীয় নিবনুৱাসকলে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে ।

লগতে পঢ়ক : উপ নিৰ্বাচন : ৫ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.