ETV Bharat / city

ডাইনীৰ সন্দেহত জীৱন্তে জ্বলোৱাৰ চেষ্টা মহিলাক - তন্ত্ৰ মন্ত্ৰ

বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয়জয়কাৰৰ সময়তো আমাৰ সমাজৰ পৰা এতিয়াও অন্ধবিশ্বাসৰ ভাৱধাৰা আঁতৰ হোৱা নাই । ভূত-প্ৰেত, ডাইনী আদিবোৰ সঁচাকৈয়ে আছেনে নাই সেইটো কোনেও সঠিককৈ ক’ব নোৱাৰিলেও কিন্তু, সৰহভাগেই ইয়াক বিশ্বাস কৰে । বিজ্ঞান শিক্ষাৰ প্ৰভাৱ পৰাৰ লগে লগে ৰাজ্যৰ পৰা বহু অন্ধবিশ্বাস আঁতৰ হ’ল যদিও, ডাইনী বোলা অন্ধবিশ্বাসটো এতিয়াও আমাৰ সমাজ জীৱনত শিপাই আছে । এই কথাকে পুনৰবাৰ প্ৰতিপন্ন হ’ল ডিব্ৰুগড় জিলাৰ কঠালবাম গাঁৱত ৷

sensational-case-of-witch-murder-in-dibrugarh
ডিব্ৰুগড়ত পুনৰ ডাইনী হত্যাৰ চাঞ্চল্যকৰ কাণ্ড
author img

By

Published : Nov 1, 2021, 10:35 PM IST

ডিব্ৰুগড়, 1 নৱেম্বৰ : আধুনিকতাৰ পোহৰে ঢুকি নোপোৱা ডিব্ৰুগড়ৰ লেজাই অঞ্চলৰ ভিতৰুৱা এখন গাঁও কঠালবাম গাঁৱত শেহতীয়াকৈ অকাল মৃত্যু হৈ আহিছিল ইজনৰ পাছত সিজন লোকৰ । কেৱল তন্ত্ৰ-মন্ত্ৰ, ক’লা যাদু, পূজা-পাতলত বিশ্বাসী গাঁওখনৰ একাংশ অশিক্ষিত লোকে এই ঘটনাবোৰৰ বাবে কাষ চাপিছিল বিভিন্ন বেজ-পুৰোহিত আদিৰ ।

ডিব্ৰুগড়ত পুনৰ ডাইনী হত্যাৰ চাঞ্চল্যকৰ কাণ্ড

কেইবাজনো বেজে চম্পা মুড়া নামৰ মহিলা গৰাকীলৈ টোৱাইছিল সন্দেহৰ আঙুলি ৷ ইফালে, গাওঁখনৰ বহু লোকে চম্পা মুড়াক গাঁৱৰ বিভিন্ন স্থানত চাকি বন্তি জ্বলাই পূজা কৰাও প্ৰত্যক্ষ কৰা বুলি তুলিছিল অভিযোগ ৷ ইয়াৰ পাছতেই গাঁওখনত সংঘটিত এই সমগ্ৰ ঘটনাবোৰৰ বাবে চম্পা মুড়াকে জগৰীয়া কৰি, ডাইনী সন্দেহত হত্যাৰ ষড়যন্ত্ৰ কৰিছিল চম্পা মুড়াক ।

অৱশেষত সোমবাৰে পুৱা মহিলাগৰাকীক জীৱন্তে জ্বলাই হত্যা কৰাৰ চেষ্টা কৰিছিল অন্ধবিশ্বাসী একাংশ গাঁওবাসীয়ে । অন্ধবিশ্বাসৰ বলি একাংশৰ ভাষ্য শুনিলেই গম পাব বিজ্ঞানৰ এই যুগতো অন্ধবিশ্বাসে কেনেদৰে শিপাই আছে এওঁলোকৰ মনত । ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ আৰক্ষীয়ে । তদন্তৰ সমান্তৰালকৈ আৰক্ষীয়ে অন্ধবিশ্বাসৰ বিৰুদ্ধে গাঁওখনত সজাগতা অনাৰ বাবেও কৰিছে চেষ্টা ৷

আনহাতে,এই জঘন্য ঘটনাৰ বলি হোৱা চম্পা মুড়াৰ এই পৰ্যন্ত নাই কোনো সন্ধান । চম্পা মুড়া ক’লৈ গ’ল তাৰো কোনো সুদূত্তৰ নাই গাঁওখনৰ কাৰো ওচৰত । ডাইনীৰ সন্দেহত গাঁওখনত সংঘটিত এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ ।

লগতে পঢ়ক : উপ-নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কি নিয়ম বান্ধি দিলে নিৰ্বাচন আয়োগে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.