ডিব্ৰুগড়, 28 ডিচেম্বৰ : সোমবাৰে ডিব্ৰুগড় জিলাৰ 117 নং লাহোৱাল সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া অঞ্চলৰ প্ৰায় 28 খন বিদ্যালয়ত 'আৰ ডি এডুকেচন এণ্ড স্পৰ্টচ ফাউণ্ডেচন'ৰ উদ্যোগত ডিব্ৰুগড়ৰ যুৱনেতা মনোজ ধানোৱাৰে চেনিটাইজেচন কৰে ।
কৰ'ণা মহামাৰী কিছু পৰিমানে শাম কটাৰ পিচত 1 জানুৱাৰীৰ পৰা প্ৰাথমিক বিদ্যালয়সমূহ আৰম্ভ কৰাৰ নিৰ্দেশনা দিয়াৰ পিচতে শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠান হাতত লয় যুৱ নেতা গৰাকীয়ে ।
উল্লেখ্য যে, অনুষ্ঠানত লাহোৱাল সমষ্টিৰ নিখিল শৰ্মা, জ্যোতিৰ্ময় শইকীয়া, ৰাতুল কুম্ভকৰকে ধৰি কেইবাজনো ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : কাকপথাৰত ধৰ্ষণৰ অভিযোগত অভিযুক্ত ছাত্ৰ নেতা