ETV Bharat / city

উজনিৰ ইটা ভাটাত কয়লাৰ নাটনি : মৃত্যুৰ ক্ষণ গণিছে ৬৫ টা ইটা ভাটাই

author img

By

Published : Dec 12, 2021, 6:10 PM IST

ডিব্ৰুগড়ত ইটাৰ নাটনিৰ আশংকা (Tension for scarcity of bricks in Dibrugarh) ৷ কয়লাৰ অভাৱত ৬৫ টা ইটা ভাটাত হাহাকাৰ পৰিস্থিতি ৷ সমস্যা সমাধান নহ’লে আন্দোলনৰ হুংকাৰ ইটা ভাটা মালিক সন্থাৰ ৷

scarcity of coal in brick industries of upper assam
উজনিৰ ইটা ভাটাত কয়লাৰ নাটনি

মৰাণ, 12 ডিচেম্বৰ : কয়লাৰ অভাৱত মৃত্যুৰ ক্ষণ গণিছে উজনিৰ ইটা ভাটা(Scarsity of coal Brick Industries of Upper Assam)সমূহে । চৰকাৰ তথা প্ৰশাসনৰ সোপাঢিলা নীতি তথা অমনোযোগিতাৰ ফলতে কেৱল ডিব্ৰুগড় জিলাৰে প্ৰায় ৩০ হাজাৰ শ্ৰমিকলৈ নামি আহিছে চৰম অনিশ্চয়তা । চাবুৱাৰ নাডুৱা গ্ৰান্টগাঁৱত এক সংবাদমেলৰ আয়োজন কৰি চৰকাৰ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এই কথা সদৰি কৰে ডিব্ৰুগড় জিলা ইটা ভাটা মালিক সন্থাই ।

ইটা ভাটাৰ মালিক সন্থাই সদৰি কৰা অনুসৰি জিলাখনৰ ৬৫ টা ইটা ভাটাতে নাটনি হৈছে কয়লাৰ (Scarsity of coal Brick Industries) । মাহ মাহ ধৰি ভাটাসমূহলৈ বন্ধ হৈ আছে কয়লাৰ যোগান । পূৰ্বে মাৰ্ঘেৰিটা, লিডু, খাৰচাং, নাগালেণ্ডৰ নোমনাগড়ৰ পৰা কয়লাৰ সৰবৰাহ হৈ আহিছিল । কিন্তু হঠাৎ কয়লাৰ সৰবৰাহ বন্ধ আৰু নাটনি হোৱাৰ পিছত ভাটাৰ মালিকসকললৈ চৰম অনিশ্চয়তা নামি আহিছে ।

উজনিৰ ইটা ভাটাত কয়লাৰ নাটনি

ডিব্ৰুগড় জিলা ইটা মালিক সন্থাৰ কাৰ্যকৰী সভাপতি জিয়াউদ্দিন আহমেদ, সম্পাদক কৃষ্ণ দিহিঙ্গীয়া, উপ-সভাপতি ব্ৰজেন বৰুৱাই জানিবলৈ দিয়া মতে, কয়লাৰ নাটনিৰ সমান্তৰালভাৱে কয়লাৰ মূল্যও বৃদ্ধি পাইছে । ইয়াৰ লগে লগে ডিব্ৰুগড়ত এতিয়া ইটাৰ মূল্যও বৃদ্ধি পোৱাৰ আশংকা দেখা দিছে (Probability of price hike of bricks)।

অক্টোবৰ মাহৰ পৰা সৃষ্টি হোৱা এই সমস্যা সমাধানৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ইটা ভাটা মালিক সন্থাই সাক্ষাৎ কৰিছিল । কিন্তু আজিকোপতি এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে সন্থাই । মালিক সন্থাই চৰকাৰক এই সমস্যা সমাধানৰ বাবে ৭ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি চৰকাৰ তথা প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

সন্থাই সদৰি কৰা অনুসৰি তেওঁলোকে এই সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড় জিলা উপায়ুক্তকো সাক্ষাৎ কৰি বিষয়টো অৱগত কৰিছিল । শেহতীয়াকৈ কয়লাৰ অভাৱৰ ফলত তিনি-চাৰিখন ইটা ভাটাৰ বাদে আটাইকেইটা ভাটাই বন্ধ হৈ পৰিছে । বহুকেইটা ইটা ভাটাত পৰি আছে লাখ লাখ কেঁচা ইটা । ইটা পুৰিব নোৱাৰাত বজাৰত মুকলি কৰি দিব পৰা নাই ৰঙা ইটা । ইয়াৰ ফলত শ্ৰমিকক আদায় দিব পৰা নাই মজুৰি । ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া ডিব্ৰুগড় জিলাত ইটাৰ নাটনি হোৱাৰ আশংকা বৃদ্ধি পাইছে ।

আনহাতে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈয়ে ডিব্ৰুগড় জিলাৰ ৬৫ টা ইটাভাটালৈ কয়লা যোগান ধৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক : ভেকচিন ল’লেই মৃত্যু মুখত পৰিব বাপকণ বাবা : স্বয়ং মুখ্যমন্ত্ৰী আহিলেহে ল’ব ভেকছিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.