ETV Bharat / city

এয়া এটা সহ্য কৰিব নোৱাৰা ঘটনা: ড৹ কৰবী ডেকা হাজৰিকা

author img

By

Published : May 12, 2021, 5:32 PM IST

হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেজবৰুৱা আসনৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা তথা কবি, সাহিত্যিক লেখিকা ড৹ কৰবী ডেকা হাজৰিকাৰ ৷ নৱ প্ৰজন্মৰ কাৰণে প্ৰেৰণাৰ স্থল আৰু সকলোৰে ভৱিষ্যতৰ কাৰণে ভৰষাৰ স্থল আছিল হোমেন বৰগোহাঞি বুলি মন্তব্য ড৹ হাজৰিকাৰ ৷

এয়া এটা সহ্য কৰিব নোৱাৰা ঘটনা: ড৹ কৰবী ডেকা হাজৰিকা
এয়া এটা সহ্য কৰিব নোৱাৰা ঘটনা: ড৹ কৰবী ডেকা হাজৰিকা

ডিব্ৰুগড়,12 মে' : হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেজবৰুৱা আসনৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা তথা কবি সাহিত্যিক লেখিকা ড৹ কৰবী ডেকা হাজৰিকাই । অসমৰ ৰাইজ আজি নিৰ্বাক । সকলোৰে আশা ভৰষাৰ স্থল, যাৰ লিখনীলৈ সকলোৱে বাট চাই থাকে সেই হোমেন বৰগোহাঞিৰ বিয়োগ এটা সহ্য কৰিব নোৱাৰা ঘটনা বুলি মন্তব্য কৰে ড৹ হাজৰিকাই ।

"মোৰ নিজৰ বাবে এয়া অপূৰণীয় ক্ষতি, মোক আধুনিক কবিতাৰ জগতলৈ হাতত ধৰি উলিয়াই লৈ গৈছিল এইজন ব্যক্তিয়ে । হোমেন বৰগোহাঞিৰ সৈতে হোৱা সান্নিধ্যৰ লগতে বৰগোহাঞিয়ে কেনেদৰে কেইবাটাও অসমীয়া প্ৰজন্মক সাহিত্য জগতলৈ উলিয়াই লৈ গৈ পাঠকক চিনাকি কৰাই দিছিল । কায়িকভাৱে তেওঁ নাই কিন্তু তেওঁৰ ৰচনাত তেওঁক সদায় বিচাৰি পাম" বুলি হাজৰিকাই প্ৰকাশ কৰে ।

এয়া এটা সহ্য কৰিব নোৱাৰা ঘটনা

"তেওঁৰ ৰচনাৰ কৌশলৰ মাজত নমস্যৰূপে থাকি যাব । নৱ প্ৰজন্মৰ কাৰণে প্ৰেৰণাৰ স্থল আৰু সকলোৰে ভৱিষ্যতৰ কাৰণে ভৰষাৰ স্থল হৈ তেওঁ অসমীয়া সাহিত্যত যুগমীয়া হৈ ৰ'ব । অসমীয়া সাহিত্যত তেওঁ অজৰ-অমৰ হৈ ৰ'ব" বুলি মন্তব্য কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেজবৰুৱা আসনৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা তথা কবি সাহিত্যিক লেখিকা ড৹ কৰবী ডেকা হাজৰিকাই ৷

লগতে পঢ়ক : টিপ্ৰা-বিজেপি ৰাজনৈতিক সংঘৰ্ষত কেবাজনো আহত, কঠোৰ নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.