ETV Bharat / city

ৰাভা দিৱসৰ দিনাই বিষ্ণুৰাভাৰ জীৱন ভিত্তিক গ্ৰন্থৰ আৰম্ভণি আছুৰ - প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

সদৌ অসম ছাত্ৰ সন্থা (ALL ASSAM STUDENTS UNION) ৰ তত্বাৱধানত সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ প্ৰচেষ্টাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনভিত্তিক ‘বিষ্ণুপ্ৰসাদ ৰাভা:জীৱন, সমাজ আৰু আদর্শ’ শীর্ষক এখনি গৱেষণামূলক গ্ৰন্থৰ কাম আৰম্ভ কৰিছে ৷

Rabha Dibach Celebration By ASSU At Dibrugarh
ৰাভা দিৱসৰ দিনাই বিষ্ণুৰাভাৰ জীৱন ভিত্তিক গ্ৰন্থৰ আৰম্ভণি আছুৰ
author img

By

Published : Jun 21, 2021, 8:42 AM IST

ডিব্ৰুগড়, 21 জুন : 20 জুন, ৰাভা দিৱসৰ পৱিত্ৰ ক্ষণত সদৌ অসম ছাত্ৰ সন্থাৰ তত্বাৱধান (ALL ASSAM STUDENTS UNION) ত সদৌ ডিব্ৰুগড় জিলা (Dibrugarh District) ছাত্র সন্থাৰ প্ৰচেষ্টাৰে ‘সৈনিক শিল্পী’ বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনভিত্তিক ‘বিষ্ণুপ্ৰসাদ ৰাভা: জীৱন, সমাজ আৰু আদর্শ’ শীর্ষক এখনি গৱেষণামূলক গ্ৰন্থৰ কাম 20 জুন অৰ্থাৎ "ৰাভা দিৱস"ৰ দিনটোৰ পৰাই আৰম্ভ কৰা হৈছে ৷ গ্ৰন্থখন সম্পাদনা কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মা আৰু ছাত্ৰ তথা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্রীয় কার্যনির্বাহক ডেভিদ হাজৰিকাই । এই সম্পৰ্কত এক পত্ৰযোগে জানিবলৈ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক (ASSU GERERAL SECRETORY) শংকৰ জ্যোতি বৰুৱাই ।

শংকৰ জ্যোতি বৰুৱাই অসমীয়া জাতীয় জীৱনৰ কাণ্ডাৰী সৈনিক শিল্পী গৰাকীৰ সৃষ্টি, দৃষ্টি আৰু অৱদানক প্রণালীৱদ্ধভাৱে সৰংক্ষণ আৰু সংবৰ্দ্ধনৰ ক্ষেত্ৰত এই গ্ৰন্থখন আগন্তুক দিনত এক মাইলৰ খুঁটি হৈ ৰ’ব বুলি আশা প্ৰকাশ কৰিছে । সদৌ অসম ছাত্র সন্থাই বিগত সময়ত অসমীয়া জাতীয় জীৱনৰ প্ৰমুখ কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ড° ভূপেন হাজৰিকা( Dr.BHUPEN HAZARIKA) দেৱৰ জীৱন ভিত্তিক গৱেষণামূলক গ্রন্থ ইতিমধ্যেই প্ৰকাশ কৰিছে।

অনাগত সময়তো ছাত্ৰ সন্থাই (ASSU) অসমীয়া জাতীয় জীৱনৰ কাণ্ডাৰী সকলৰ জীৱন আৰু কৰ্মৰাজিৰ গৱেষণামূলক অধ্যয়ন আৰু ইয়াৰ যথোপযুক্ত সংৰক্ষণৰ হেতু চেষ্টা অব্যাহত ৰাখিব বুলি পত্ৰযোগে জানিবলৈ দিছে।

সমান্তৰালকৈ, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় উদ্যোগত শনিবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত, ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত পালন কৰা হয় ৰাভা দিৱস ৷ এই অনুষ্ঠানত বিশিষ্ট চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মা আৰু বিশিষ্ট নৃত্য শিল্পী ঝৰ্ণা শইকীয়াক 2020 বৰ্ষৰ বিষ্ণুৰাভা বঁটা প্ৰদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (SARBANANDA SONOAL) ৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যা তাছা,তপন গগৈ,মন্ত্ৰী যোগেন মোহন, নৱ দলেও উপস্থিত থাকে ৷

লগতে পঢ়ক-মুখ্যমন্ত্ৰীলৈ বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াৰ পৰামৰ্শ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.