ETV Bharat / city

মৰাণত এটা শৌচালয়ক লৈ সৰৱ চৰ্চা

মৰাণত ৰাজ্যিক মন্ত্ৰীৰ সমষ্টিতে ধোঁৱাচাঙত উঠিল স্বচ্ছ ভাৰত আঁচনি ৷ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাই সাংসদ পুঁজিৰে নিৰ্মাণ কৰা এটা শৌচালয়ক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৰাইজে ।

Public Protest Against MCLA Kamakhya Prasad Tasa At Moran
মৰাণত এটা শৌচালয়ক লৈ সৰৱ চৰ্চা !
author img

By

Published : Oct 24, 2020, 12:59 PM IST

মৰাণ, 24 অক্টোবৰঃ চৰাইদেউ জিলাৰ মৰাণ নগৰত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাই সাংসদ পুঁজিৰে নিৰ্মাণ কৰা এটা শৌচালয়ক লৈ একাংশ ৰাইজৰ মাজত সৰৱ চৰ্চা হৈছে । প্ৰাক্তন সাংসদজনৰ এক লাখ টকাৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা হৈছিল এই শৌচালয়টো ।

যিটো শৌচালয়ৰ পৰা ৰাইজৰ উপকাৰৰ বিপৰীতে শৌচালয়টোৰ পৰা নগৰখনৰ সৌষ্ঠৱ নষ্ট হৈছে বুলিহে ৰাইজে অভিযোগ কৰিছে । কাৰণ শৌচালয়টো নিৰ্মাণ কৰা হৈছিল মৰাণ-সোণাৰি গড়কাপ্তানী পথটোৰ একেবাৰে কাষতেই । ৰে'ল লাইনৰ কাষতে দুটা সৰু কোঠাৰে নিৰ্মিত এই শৌচালয়টো আজিলৈকে ৰাইজে ব্যৱহাৰ কৰিব নোৱাৰিলে । তাৰোপৰি পথটোৰ একেবাৰে কাষতে হোৱাৰ বাবে কোনেও প্ৰস্বাৱ বা পায়খানা কৰিব নোৱাৰে শৌচালয়টোত । শৌচালয়ৰ কাষত এটা টিউৱেলৰ ব্যৱস্থা কৰা হৈছিল যদিও বৰ্তমান টিউৱেলটোৰো কোনো চিন-চাবেই নাই বুলি অভিযোগ কৰিছে ।

উল্লেখযোগ্য যে, শৌচালয়টো নিৰ্মাণ কৰিবলৈ লওঁতেই ৰাইজে অভিযোগ কৰিছিল যদিও ৰাইজৰ কোনো কথাত গুৰুত্ব নিদিলে সেই সময়ৰ বিজেপি কৰ্মীসকলে । ইয়াৰ বিপৰীতে ২০১৬ চনৰ ২১ ডিচেম্বৰতেই স্থানীয় বিধায়ক তথা বৰ্তমানৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে শৌচালয়টো উদ্বোধন কৰে । কোনো পৰিকল্পনা নকৰি সাংসদজনে উক্ত শৌচালয়টোৰ নিৰ্মাণৰ নামত ধনখিনি অপচয় কৰাৰ লগতে পৰিৱেশটো বিনষ্ট কৰাত ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক- কলগাছিয়াত শুৰ পোকৰ ধ্বংসলীলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.