ETV Bharat / city

মন্ত্ৰী যোগেন মহনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ মহিলা সমাজৰ

author img

By

Published : Jul 8, 2021, 11:25 AM IST

ক'ভিড পৰিস্থিতিৰ মাজতে ৰাজহ মন্ত্ৰী যোগেন মহনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সমাজে ৷ পথ মেৰামতি নকৰাৰ অভিযোগ তুলি এঘণ্টা ধৰি মৰাণ-সোণাৰী সংযোগী পথ অৱৰোধ কৰে মহিলাসকলে ৷

Protest against Minister Jogen Mohan by Women society At Moran
মন্ত্ৰী যোগেন মহনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ মহিলা সমাজৰ

মৰাণ, 8 জুলাই : ক'ভিডৰ আতংকৰ মাজতে মৰাণত ৰাজহ মন্ত্ৰী যোগেন মহনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সমাজে ৷ কাৰণ মন্ত্ৰী যোগেন মহনৰ নিজা সমষ্টি হৈছে মাহমৰা সমষ্টি ৷ মাহমৰাৰ সমষ্টিৰ অন্তৰ্গত মৰাণৰ পৰা অইল ইণ্ডিয়া সংযোগী পথটো একেবাৰে জৰাজীৰ্ণ অৱস্থা হোৱাত যাতায়াতৰ বাবে এতিয়া জ্বলা-কলা খাবলগীয়া হৈছে ৰাইজে ৷ কিন্তু ৰাইজৰ সমস্যাক লৈ কোনো নিদিয়াৰ অভিযোগ কৰে মহিলা সমাজে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি মন্ত্ৰী যোগেন মহনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সমাজে ।

উল্লেখ্য যে, মৰাণৰ ট্ৰেফিক পইণ্টৰ (Traffic Point) পৰা সোণাৰী পথ হৈ মৰাণ অইল ইণ্ডিয়া সংযোগী পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থা ৷ ফলত এই জৰাজীৰ্ণ পথটোৰ বাবে দৈনিক সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । উক্ত পথটো নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী যোগেন মহনক স্থানীয় ৰাইজে বাৰম্বাৰ আহ্বান জনোৱাৰ উপৰিও স্মাৰক পত্ৰ প্ৰদান কৰিছিল ৰাইজে ৷ দীৰ্ঘদিন উকলি যোৱাৰ পাছতো পথটো মেৰামতিৰ বাবে মন্ত্ৰী গৰাকীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ কৰে মহিলা সমাজে ৷

ইয়াৰোপৰি মৰাণ অইল ইণ্ডিয়া (Oil India Limited) কৰ্তৃপক্ষকো এই পথটো মেৰামতিৰ বাবে বহুবাৰ আহ্বান জনাইছিল ৰাইজে ৷ কিন্তু ৰাইজৰ আহ্বানৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰে মহিলাসকল ৷ উক্ত পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াত বুধবাৰে মৰাণ উষাপুৰৰ মহিলা সমাজে মৰাণৰ ৰে'ল লাইনৰ সমীপত এঘণ্টা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ইয়াৰ পিছতে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈ পথ অৱৰোধস্থলীত উপস্থিত হয় ৷ উক্ত বিষয়টোৰ সন্দৰ্ভত চক্ৰ বিষয়াগৰাকীয়ে প্ৰতিবাদকাৰী সকলৰ সৈতে আলোচনা কৰে ৷ আলোচনাৰ অন্তত পথটো শীঘ্ৰেই মেৰামতি কৰাৰ অশ্বাস দিয়াত পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে প্ৰতিবাদকাৰী সকলে । উক্ত পথটো যদি অতি শীঘ্ৰেই মেৰামতি কৰি নিদিয়ে, তেনেহ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক- মোডী মন্ত্ৰী সভাত উত্তৰ পূৰ্বাঞ্চলৰ তিনি মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.