ETV Bharat / city

শীঘ্ৰেই মুকলি হ’ব নামৰূপৰ ১০০ মেগাৱাটৰ তাপ বিদ্যুৎ কেন্দ্ৰ

দুমাহৰ ভিতৰত শুভাৰম্ভ কৰা হ’ব নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ১০০ মেগাৱাট ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্ট ৷ ২০১৯ বৰ্ষত অনুষ্ঠিত হোৱা এপিডিচিএলৰ লিখিত পৰীক্ষাৰ ফলাফল তিনিমাহৰ ভিৰৰত ঘোষণা কৰিব বুলিও প্ৰকাশ কৰে বিমল বৰাই ৷

শীঘ্ৰেই মুকলি হ’ব নামৰূপৰ ১০০ মেগাৱাটৰ তাপ বিদ্যুৎ কেন্দ্ৰ
শীঘ্ৰেই মুকলি হ’ব নামৰূপৰ ১০০ মেগাৱাটৰ তাপ বিদ্যুৎ কেন্দ্ৰ
author img

By

Published : May 29, 2021, 10:35 PM IST

নাহৰকটীয়া, ২৯ মে': দুমাহৰ ভিতৰত মুকলি কৰা হ’ব নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ১০০ মেগাৱাট ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্ট । অসম মন্ত্ৰীসভাৰ শক্তি, পৰ্যটন, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দায়িত্ব লোৱা মন্ত্ৰী বিমল বৰাই শনিবাৰে নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত উপস্থিত হৈ এই কথা ঘোষণা কৰে ৷

৫৩৪ কোটি টকা ব্যায় সাপেক্ষে ২০০৯ চনতেই আধাৰশিলা স্থাপন কৰা নামৰূপ ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্টটো বিগত বৰ্ষৰ ২৮ মে'ত সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰাৰ কথা আছিল যদিও উক্ত দিনটোৰ পুৱাৰ ভাগতে যান্ত্ৰীক বিজুতি ঘটাৰ ফলত প্ৰকল্পটো শুভাৰম্ভ নহল বুলি জানিবলৈ দিয়ে ।

শীঘ্ৰেই মুকলি হ’ব নামৰূপৰ ১০০ মেগাৱাটৰ তাপ বিদ্যুৎ কেন্দ্ৰ

ইফালে আধাৰশিলা স্থাপনৰ ৩৬ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ কথা আছিল যদিও নিৰ্মাণকাৰ্যত জড়িত ভাৰত হেভী ইলেকট্ৰিকেল লিমিটেড চমুকৈ ভেলৰ গাফিলতিৰ বাবে এই প্ৰকল্পটোত বাৰে বাৰে যান্ত্ৰিক বিজুতি ঘটাত এটা যুগ অতিক্ৰম কৰাৰ পিছত প্ৰকল্পটি শুভাৰম্ভ কৰিব নোৱাৰিলে শক্তি বিভাগে ।

শনিবাৰে নামৰূপৰ এই প্ৰকল্পটিত উপস্থিত হৈ শক্তিমন্ত্ৰী বিমল বৰাই প্ৰকল্পটি তন্ন তন্নকৈ পৰিদৰ্শন কৰি তাপ বিদ্যুৎ কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত দুমাহৰ ভিতৰত প্ৰকল্পটো শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে । ইফালে শক্তি মন্ত্ৰীগৰাকীয়ে ২০১৯ বৰ্ষত অনুষ্ঠিত হোৱা এপিডিচিএলৰ লিখিত পৰীক্ষাৰ ফলাফল তিনিমাহৰ ভিৰৰত ঘোষণা কৰিব বুলিও প্ৰকাশ কৰে ।

আনহাতে, শনিবাৰে কেন্দ্ৰীয় চৰকাৰে দেশত ‘কা’ ৰ জৰিয়তে হিন্দু শৰণাৰ্থীক নাগৰিকত্বক প্ৰদানৰ বাবে আবেদন আহ্বান কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰীয়া প্ৰকাশ কৰি নাগৰিকত্ব আইন আগতেও সংশোধন হৈছিল এতিয়াও হৈছে বুলি মন্তব্য় কৰে । এইয়া এখন আইন আৰু আইনৰ নীতি নিয়মৰ মাজেৰে সকলো হ’ব নতুনকৈ অসমত কোনো লোক নাহে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : তিতাবৰত বনৰজাৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.