মৰাণ, 21 জুন : বিভাগৰ গুৰুত্বহীনতাৰ বাবে হাবি-জংঘলেৰে ভৰি পৰিছে খোৱাঙৰ হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ ৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক কাৰিকৰী দিশত প্ৰশিক্ষণপ্ৰাপ্ত কৰি আত্মনিৰ্ভৰশীল কৰি তোলাৰ কথা কৈ থকা সময়তে ডিব্ৰুগড় জিলাৰ খোৱাঙত হাবি-জংঘলেৰে ভৰি পৰিছে হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ । অতি পৰিতাপৰ কথা যে, 1971 চনতে প্ৰতিষ্ঠা হোৱা খোৱাঙৰ এই হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰটোত যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিব পৰাকৈ আছে সকলো যন্ত্ৰপাতি ৷
বিষয়া-কৰ্মচাৰীৰ বাবে আছে কাৰ্যালয়, প্ৰশিক্ষক আৰু বিষয়াসকলৰ বাবে আছে আৱাসগৃহ । তথাপিও বিভাগীয় বিষয়াসকলৰ দুৰ্বলতাৰ বাবে বন্ধ হৈ পৰিছে খোৱাঙৰ আটক ধুনীয়া হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰটো । বছৰ বছৰ ধৰি বন্ধ হৈ থকাৰ ফলত কেন্দ্ৰটো হাবি-জংঘলেৰে ভৰি পৰাৰ উপৰিও গৰু-ছাগলীৰ বাসস্থান হৈ পৰা পৰিলক্ষিত হৈছে ।
তেনেস্থলত পৰিৱৰ্তন আৰু উন্নয়নৰ কথা কোৱা চৰকাৰক কেন্দ্ৰটো কাৰ্যক্ষম কৰি যুৱক-যুৱতীসকলে প্ৰশিক্ষণ ল'ব পৰাকৈ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে খোৱাঙৰ সচেতন ৰাইজে । বিগত চৰকাৰে স্থানীয় যুৱতীসকলক স্বাৱলম্বী কৰাৰ কৰাৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল যদিও সেয়া কাৰ্যকৰী কৰাত সফল হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে ৷ বৰ্তমানৰ মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হস্ততাঁত শিল্প আৰু ইয়াৰ লগত জড়িত ব্যক্তিসকলক সুবিধা প্ৰদান কৰি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবলৈ আহ্বান জনাইছে একাংশ ৰাইজে ৷
লগতে পঢ়ক : মঙলবাৰৰ পৰা আৰম্ভ অম্বুবাচী: জনশূন্য কামাখ্যা