নামৰূপ,25 আগষ্টঃ মঙলবাৰে নিচেই পূৱাতেই নামৰূপৰ মিলনপুৰ অঞ্চলত এখন মটৰ চাইকেল সহ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ মৃত যুৱকজন নিগামৰ প্ৰাঞ্জল শইকীয়া (৩০) বুলি জানিব পৰা গৈছে ।
ঘটনা অনুসৰি, উক্ত গাঁও খনৰে এজন লোকে পুৱা পথটোৰে গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে বাইক সহ এজন যুৱকৰ মৃতদেহ ৷ লোক জনে যুৱক জনৰ মৃতদেহটো চিনি পোৱাত লগে-লগে পৰিয়ালৰ লোকক খবৰ দিয়ে ৷ ঘটনাস্থলিত পৰিয়ালৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
ইফালে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি পৰিয়ালে অভিযোগ কৰিছে। লগতে এটা উচিত তদন্ত কৰিবলৈ আৰক্ষী তথা প্ৰশাসনক দাবী জনাইছে পৰিয়ালৰ লোকে। আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব এইয়া পৰিকল্পিত হত্যাকাণ্ড নে এক দুৰ্ঘটনা ৷ উক্ত ঘটনাটোৰ বাবে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷