মৰাণ, 28 ডিচেম্বৰ : ডিব্ৰুগড়ৰ লাহোৱালত সক্ৰিয় হৈ উঠিছে তেল চুৰি চক্ৰ (Oil thief case in Dibrugarh)। অইলৰ পাইপ কাটি তেল চুৰি কৰাৰ দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে । পুখুৰীলৈ ৰূপান্তৰিত হৈছে অইল পাইপৰ পৰা নিৰ্গত হোৱা খাৰুৱা তেল নিৰ্গত হৈ । ডিব্ৰুগড়ৰ লাহোৱালত চেঁচা নদীৰ সমীপত বকুলৰ ভোগপৰা OCS ৰ পৰা দুলীয়াজানলৈ যোৱা তেল পৰিবাহী পাইপ এনেদৰে তেল চুৰি চক্ৰই কৌশলেৰে কাটি নিজাকৈ দুটাকৈ ভাল্ব লগাই নিশাৰ ভাগত নিৰ্জনতাৰ সুযোগ লৈ দৈনিক চুৰি কৰি আহিছে খাৰুৱা তেল ।
কিবা কাৰণত খাৰুৱা তেল চুৰি চক্ৰই ভাল্ব দুটা ভালদৰে পুনৰ সংযোগ কৰিবলৈ সক্ষম নোহোৱাত পাইপৰ পৰা হেজাৰ হেজাৰ লিটাৰ খাৰুৱা তেল নিৰ্গত হয় (Crude oil spread out in paddy field of Lahuwal) । পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষী আৰু অইল কৰ্তৃপক্ষক খবৰ দিয়াত অইল কৰ্তৃপক্ষই ভোগপৰা OCS ত তেলৰ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে বৃহৎ পৰিমাণৰ খাৰুৱা তেল পথাৰৰ মাটিত মিহলি হয় ।
লাহোৱাল-দুলীয়াজান সংযোগী পথৰ চেঁচা নদীৰ সমীপত সংঘটিত হোৱা এই কাৰ্যৰ ফলত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । কোনো কাৰণত যদি জুইৰ ফিৰঙতি পৰে, তেন্তে দ্বিতীয় বাঘজানত পৰিণত হলহেঁতেন লাহোৱাল ।
আনহাতে, তাৰ সমীপতে আছে এখন প্ৰাথমিক বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰ । অইল ইণ্ডিয়া কৰ্তৃপক্ষই পৰিত্যক্ত খাৰুৱা তেল সমূহ ড্ৰামত ভৰাই নিয়াৰ ব্যৱস্থা কৰিছে । উল্লেখযোগ্য যে, উক্ত স্থানত পূৰ্বেও তেল চুৰি চক্ৰই এনেদৰে তেল চুৰ কৰাৰ পিছতে পাইপেৰে নিৰ্গত তেল সমীপৰ চেঁচা নদীত পৰাত বহু মাছৰ মৃত্যু হৈছিল (Fishes died in Sesa river of Dibrugarh)।
আনহাতে স্থানীয় ৰাইজৰ খেতি আদিও নষ্ট হৈছিল সেই স্থানত । পুনৰ এনেদৰে তেল চুৰি চক্ৰই পাইপত নিজাকৈ ভাল্ব লগাই খাৰুৱা তেল চুৰি কৰা ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে ৷ বৃহৎ তেল চুৰি চক্ৰৰ সৈতে অইলৰ একাংশ বিষয়া-কৰ্মচাৰী মিলি থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : বৰ্তমান যুগত মানুহে বাণিজ্যৰ বাহিৰে একো কথা বুজি নাপায় : দিগন্ত বিশ্ব শৰ্মা