ETV Bharat / city

Attention স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া : 200 টকা দৰত বিক্ৰী হৈছে নকল ক’ভিড ৰিপ’ৰ্ট

200 টকা দিলেই ক'ভিড ৰিপ’ৰ্ট লাভ কৰিব আপুনি ৷ চাওক কেমেৰাৰ সন্মুখত নিগেটিভ চাৰ্টিফিকেট দাঙি ধৰিছে ভুক্তভোগী ব্যক্তিয়ে ।

negative-covid-report-gets-from-lengeri-model-hospital-etv-bharat-assam-news
ক’ত পোৱা যায় 200 টকাত নকল ক’ভিড ৰিপৰ্ট
author img

By

Published : Aug 6, 2021, 10:49 PM IST

মৰাণ, 6 আগষ্ট : ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিড 19 ৰ সংখ্যা ৷ দেশ তথা ৰাজ্যৰ চৌদিশে ক’ভিড পৰীক্ষা তথা ভেকচিন প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে ৷ এই সময়ছোৱাত চৰকাৰ তথা প্ৰশাসনে গণসংক্ৰমন ৰোধৰ বাবে বিভিন্ন SOP কৰিছে ৷

কিন্তু এই সময়ছোৱাত মৰাণৰ লেঙেৰী আদৰ্শ চিকিৎসালয়ত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ক'ভিড টেষ্টৰ নামত চিকিৎসালয়খনত ক'ভিডৰ কোনো পৰীক্ষা নকৰাকৈ ২০০ টকাৰ বিনিময়ত নিগেটিভ চাৰ্টিফিকেট দিয়াৰ এক গুৰুতৰ অভিযোগ উঠিছে । প্ৰাপ্ত অভিযোগ অনুসৰি চিকিৎসালয় খনত ক'ভিড টেষ্ট কৰিবলৈ যোৱা লোকৰ পৰা দায়িত্বত থকা কৰ্মী কেইজনে ২০০ টকাকৈ লয় আৰু কোনো পৰীক্ষা নকৰাকৈ ক'ভিড নিগেটিভ চাৰ্টিফিকেট দি দিয়ে ।

ক’ত পোৱা যায় 200 টকাত নকল ক’ভিড ৰিপৰ্ট

উল্লেখ্য যে, লেঙেৰী অঞ্চলৰে এজন ভুক্তভোগী ব্যক্তিয়ে এই অভিযোগ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি নিগেটিভ চাৰ্টিফিকেটখন কেমেৰাৰ আগত দাঙি ধৰে । ইফালে এই কথা ৰাজহুৱা হোৱাত চিকিৎসালয়খনৰ কৰ্মী কেইজনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা, আহোম গণ মঞ্চৰ লগতে লেঙেৰী অঞ্চলৰ সচেতন ব্যক্তি সকল । তেওঁলোকৰ মতে ক'ভিডৰ নামত এনেধৰণৰ অনিয়ম কেতিয়াও সহ্য কৰা নহ'ব । দোষী স্বাস্থ্য কৰ্মীক চিনাক্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় তেওঁলোকে ।

এতিয়া প্ৰশ্ন হয় স্বাস্থ্য বিভাগৰ ইমান তৎপৰতাৰ পাচতো এনে ধৰণৰ ঘটনা কিমান যুক্তিসংগত ? এনে ভয়াৱহ সময়ত এনে ঘটনাৰ কি তদন্ত ল’ব চৰকাৰে সেয়া সময়তহে লক্ষণীয় হ’ব ৷ যদি এই সন্দৰ্ভত চৰকাৰে কোনো পদক্ষেপ নলয় তেন্তে এই ঘটনাৰ পুনৰাবৃত্তি হোৱাটো নিশ্চিত ৷

লগতে পঢ়ক:ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.