ETV Bharat / city

SI Moran PS reserve closed: মৰাণ থানাৰ এছ আই ভৱেন দত্তক ৰিজাৰ্ভ ক্ল'জ - মৰাণ থানাৰ এছ আই ভৱেন দত্ত ৰিজাৰ্ভ ক্লজ

থানাৰ ভিতৰত যুৱকক শাৰীৰিক অত্যাচাৰ চলোৱাৰ অপৰাধত আৰক্ষী বিষয়াগৰাকীক ৰিজাৰ্ভ ক্ল‘জ(Moran police station SI reserve closed)। ইয়াৰ পূৰ্বে একে অভিযোগত ৰিজাৰ্ভ ক্ল‘জ কৰা হৈছিল থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীক (Moran police station OC reserve closed) ৷

Moran police station SI reserve closed
মৰাণ থানাৰ এছ আই ভৱেন দত্ত ৰিজাৰ্ভ ক্ল'জ
author img

By

Published : Oct 13, 2022, 9:12 PM IST

Updated : Oct 13, 2022, 10:56 PM IST

ডিব্ৰুগড়, 13 অক্টোবৰ: মৰাণ থানাৰ অ' চি বিজয় দৈমাৰীৰ ৰিজাৰ্ভ ক্ল'জ কৰাৰ পাছতেই মৰাণ থানাৰ এচ আই ভৱেন দত্তক ৰিজাৰ্ভ ক্ল'জ কৰা বুলি জানিব পৰা গৈছে(Moran SI tortured youth in police station) । এছ আই ভৱেন দত্তক ৰিজাৰ্ভ ক্ল'জ কৰা বুলি ইতিমধ্যে ডিব্ৰুগড় জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াই জনিবলৈ দিছে । পূৰ্বে ৰিজাৰ্ভ ক্ল'জ হোৱা মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ সৈতে কেইবাজনো যুৱকক থানাৰ ভিতৰত শাৰীৰিক অত্যাচাৰ চলোৱাৰ অপৰাধত এই সিদ্ধান্ত লৈছে আৰক্ষী বিভাগে ।

Moran police station SI reserve closed
মৰাণ থানাৰ এছ আই ভৱেন দত্ত ৰিজাৰ্ভ ক্ল'জ

উল্লেখযোগ্য যে, 7 অক্টোবৰত ডিমৌৰ 10 গৰাকী যুৱকে অৰুণাচল প্ৰদেশৰ পৰা ইভেণ্ট মেনেজমেণ্টৰ কাম শেষ কৰি ঘূৰি আহি মৰাণৰ পেচিফিকা ইন ধাবাত আহাৰ গ্ৰহণ কৰিবলৈ সোমায় (Youth allegedly molest OC wife) ৷ সেই একেখন ধাবাতে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীয়ে (OC Bijay Daimary)পত্নীৰ সৈতে আহাৰ গ্ৰহণ কৰি আছিল ৷

যুৱকৰ দলটোৱে ধাবাতেই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ পত্নীক অশ্লীল ইংগিত দিয়া বুলি অভিযোগ উত্থাপন হৈছিল ৷ সেই নিশাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে যুৱকৰ দলটোক আটক কৰে (Police detained youth gang) ৷ পত্নীক অশ্লীল ইংগিত দিয়াৰ খঙত অগ্নিশৰ্মা হৈ থকা আৰক্ষী বিষয়াগৰাকীয়ে থানাৰ ভিতৰতে যুৱকৰ দলটোক উলংগ কৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ তুলিলে যুৱকৰ দলটোৱে (Moran OC brutally beaten youth gang) ৷

তাৰ পৰৱৰ্তী সময়ত নিশা মৰাণ থানাৰ ভিতৰত দহজনকৈ যুৱকক সম্পূৰ্ণ উলংগ কৰি হিন্দী চিনেমাৰ কায়দাৰে গছকি গছকি প্ৰহাৰ কৰাৰ অভিযোগত মৰাণ থানাৰ অ'চি বিজয় দৈমাৰীক ৰিজাৰ্ভ ক্ল'জ কৰা(Moran police station OC reserve closed) পাছতে ডিব্ৰুগড় জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াই আজি মৰাণ থানাৰ এচ আই ভৱেন দত্তক ৰিজাৰ্ভ ক্ল'জ কৰিছে(Moran police station SI reserve closed ) বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: SI Moran PS reserve closed: মৰাণ থানাৰ এছ আই ভৱেন দত্ত ৰিজাৰ্ভ ক্ল'জ

Last Updated : Oct 13, 2022, 10:56 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.