ETV Bharat / city

নিযুক্তি পৰীক্ষাৰ বাবে মৰাণৰ দুটাকৈ কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

author img

By

Published : Aug 21, 2022, 9:46 AM IST

তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ নিযুক্তি পৰীক্ষাৰ বাবে মৰাণৰ দুটাকৈ কেন্দ্ৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা (Recruitment exam centers set up in Moran) ৷ দুয়োটা কেন্দ্ৰত পৰীক্ষা দিব মুঠ তিনিহেজাৰ পৰীক্ষাৰ্থীয়ে ৷

Moran Exam centre is ready for direct recruitment examination
মৰাণৰ দুটাকৈ কেন্দ্ৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ডিব্ৰুগড়, 21 আগষ্ট: অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা আজি অৰ্থাৎ ২১ আগষ্ট আৰু ২৮ আগষ্টত সমগ্ৰ ৰাজ্যৰ ১২৫৮ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব (Assam Direct Recruitment 2022)। ইতিমধ্যে পৰীক্ষা কঠোৰ সতৰ্কতা বিধি অৱলম্বনেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ।

নিযুক্তি পৰীক্ষাৰ বাবে মৰাণত সাজু কৰি তোলা হৈছে দুটাকৈ পৰীক্ষা কেন্দ্ৰ ৷ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰাণ মহাবিদ্যালয় কেন্দ্ৰ দুটাত প্ৰায় তিনিহেজাৰ পৰীক্ষাৰ্থীয়ে দিব পৰীক্ষা ।

উল্লেখ্য যে, এইবাৰৰ পৰীক্ষা ৪৮ টা বিভাগৰ বাবে পৃথকে পৃথকে নহৈ একেটা পৰীক্ষাৰ পৰা বাচনি কৰা হ’ব । দুয়োটা বৰ্গৰ লিখিত পৰীক্ষাসমূহ ছেবাৰ দ্বাৰা সম্পন্ন হ’ব (Assam recruitment exam conducted by SEBA) । ২১ আগষ্টত ২৪ খন, ২৮ আগষ্টত ২৫ খন জিলাত আৰু ১১ ছেপ্তেম্বৰত ২৩ খন জিলাত অনুষ্ঠিত হ’ব পৰীক্ষা।

নিযুক্তি পৰীক্ষাৰ বাবে মৰাণৰ দুটাকৈ কেন্দ্ৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ দুটা পৰ্যায়ত আৰু তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব । মুঠ ৩,০২৬ টা কেন্দ্ৰত হ’ব পৰীক্ষা । মুঠ ১৪ লাখ ৩০ হাজাৰ ৪৩৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব দুয়োটা বৰ্গৰ পৰীক্ষাত ।

প্ৰতিখন জিলালৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা একোজনকৈ উচ্চপদস্থ বিষয়া আৰু ছেবাৰ তৰফৰ পৰা একোজন ৰাজপত্ৰিত বিষয়া প্ৰেৰণ কৰা হৈছে । ছেবাই আনবোৰ পৰীক্ষাত যিবোৰ ভাষাত প্ৰশ্ন কাকত তৈয়াৰ কৰে সেইদৰে এই নিযুক্তি পৰীক্ষাতো অসমীয়া, ইংৰাজী, বড়ো, বাংলা আৰু হিন্দী ভাষাত প্ৰস্তুত কৰি তোলা হৈছে প্ৰশ্নকাকতসমূহ ।

লগতে পঢ়ক: Assam Direct Recruitment 2022: তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদৰ নিযুক্তিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.