ETV Bharat / city

মৰাণত বিহুৰ লগত সংগতি ৰাখি বাণিজ্য মেলা

author img

By

Published : Apr 12, 2021, 8:41 PM IST

মৰাণত বিহু উপলক্ষে বিহুৰ সামগ্ৰীৰে বাণিজ্যিক মেলা প্ৰদৰ্শন ৷ বিহুৰ বিবিধ পিঠা-জলপানে সমাদৰ লাভ কৰিছে বাণিজ্য মেলাত ৷ মৰাণৰ টাউন কমিটিয়ে ৩৭ নং ঘাইপথৰ ট্ৰেফিক পইণ্টত অনুষ্ঠিত বহাগী মেলাত বহুকেইটা আত্মসহায়ক গোটৰ অংশগ্ৰহণ ৷

মৰাণত বিহুৰ সামগ্ৰীৰে বাণিজ্য মেলা
মৰাণত বিহুৰ সামগ্ৰীৰে বাণিজ্য মেলা

মৰাণ,12 এপ্ৰিল: কৰ’ণাৰ আতংকৰ মাজতে ৰাজ্যজুৰি বিহুক লৈ পাৰভঙা উৎসাহ । বিহুৰ আনন্দৰ মাজতে এইবাৰ ৰাজ্যৰ ঠায়ে ঠায়ে মহিলাসকলে প্ৰস্তুত কৰা বিহুৰ সামগ্ৰীৰে বজাৰ দখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ মৰাণত বিহু উপলক্ষে বিহুৰ সামগ্ৰীৰে বাণিজ্যিক মেলা অনুষ্ঠিত কৰা হৈছে ৷

মৰাণত বিহুৰ সামগ্ৰীৰে বাণিজ্য মেলা

বিবিধ ধৰণৰ পিঠা-জলপানেৰে, বিহুৱান বিচাৰি ৰাইজে বাণিজ্যিক মেলাত ভীৰ কৰা পৰিলক্ষিত হৈছে ৷ মৰাণৰ টাউন কমিটিয়ে ৩৭ নং ঘাইপথ ট্ৰেফিক পইণ্টত অনুষ্ঠিত কৰা বহাগী মেলাত বহুকেইটা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ বাণিজ্য মেলাত থলুৱাভাৱে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ উপকৰণৰ বিপণীৰ লগতে অসমীয়া শিপিনীয়ে নিজ হাতে তৈয়াৰ কৰা বিহুৱানৰ লগতে বিভিন্ন সাজ-পাৰৰ প্ৰদৰ্শন কৰা হয় ৷ মৰাণৰ মিলিত শিল্পী সমাজৰ প্ৰাংগণত অসম গ্ৰামীণ জীৱিকা অভিযোগ মিছনৰ মাহমৰা উন্নয়ন খণ্ডৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বহাগী মেলা ৷

লগতে পঢ়ক : শেষ আখৰাত ব্যস্ত ঔগুৰী কপহুৱা সোণৰ খাৰু জেংবিহু দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.