ETV Bharat / city

নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত বিধায়ক তৰংগ গগৈ - নাহৰকটীয়া অসামৰিক চিকিৎসালয়

বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে প্ৰথম বাৰলৈ নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰিলে স্থানীয় বিধায়ক তৰংগ গগৈয়ে । বিধায়ক গৰাকীয়ে চিকিৎসালয় খনত Assam Critical Care Projectৰ অধীনত প্ৰায় ১৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ১৫ টা ICU আৰু ৩০ খন বিছনাযুক্ত ক'ভিড চিকিৎসালয় ৩ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰে ।

নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত বিধায়ক তৰংগ গগৈ

author img

By

Published : May 18, 2021, 10:42 PM IST

ডিব্ৰুগড়, 18 মে’: ডিব্ৰুগড় জিলাৰ নাহৰকটিয়াতো প্ৰতি দিনে বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা । ইতিমধ্যে মৃত্যু হৈছে বহু কেইগৰাকী ৰোগীৰ । ক'ভিডৰ ভয়ানক পৰিস্থিতিৰ পতি লক্ষ্য ৰাখি বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে প্ৰথমবাৰলৈ নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰিলে স্থানীয় বিধায়ক তৰাংগ গগৈয়ে ।

নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত বিধায়ক তৰংগ গগৈ
নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত বিধায়ক তৰংগ গগৈ

বিধায়ক গৰাকীয়ে নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয় খনত Assam Critical Care Projectৰ অধীনত প্ৰায় ১৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ১৫টা ICU আৰু ৩০ খন বিছনাযুক্ত ক'ভিড চিকিৎসালয় ৩ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰে । লগতে নাহৰকটীয়া সমষ্টিৰ বাবে নামৰূপত এটা ক’ভিড কেয়াৰ চেণ্টাৰ এসপ্তাহৰ ভিতৰত নিৰ্মাণ কৰিবলৈ জিলা প্ৰশাসন আৰু জিলাখনৰ স্বাস্থ্য বিভাগক দিলে নিৰ্দেশনা ।

মুঠৰ ওপৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দৰেই নতুন বিধায়ক সকলেও এতিয়া নিজৰ সমষ্টিয়ে সমষ্টিয়ে ক'ভিড পৰিস্থিতিক লৈ তৎপৰতাৰে কাম কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : ক’ভিড প্ৰট’কল ভংগ কৰিছে নামতিৰ তৈল অনুসন্ধানকাৰী শ্ৰমিকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.