ETV Bharat / city

খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত আজিও চাবুৱা মডেল হাস্পতালত চিকিৎসাধীন অৰ্ধশতাধিক

চাবুৱাৰ দংগৰচুক গাঁৱত মাংগলিক অনুষ্ঠানত মাহ প্ৰসাদ খাই অসুস্থ বিভন্নজন ৷ চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি পৰিস্থিতিৰ বুজ ল’লে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ৷

author img

By

Published : Oct 13, 2021, 10:34 PM IST

খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত আজিও চাবুৱা মডেল হাস্পাটালত চিকিৎসাধীন অৰ্ধশতাধিক

মৰাণ,13 অক্টোবৰ : পূজাৰ আনন্দৰ মাজতে ১০ অক্টোবৰ তাৰিখে চাবুৱা মডেল হাস্পতালত হঠাৎ হাহাকাৰ পৰিবেশ সৃষ্টি হৈছিল । চাবুৱা মডেল হাস্পতালত ৰোগী থ’বলৈ বিচনাৰ অভাৱ হৈ পৰিছিল । ঘটনা অনুসৰি চাবুৱাৰ দংগৰচুক গাঁৱত ৯ অক্টোবৰ তাৰিখে এজন ব্যক্তিৰ ঘৰত আয়োজন কৰা সকামত খাদ্যত বিষক্ৰিয়া হৈ অঘটন হৈছিল ।

তেতিয়াই গাঁও খনৰ ১০০ৰো অধিক লোক অসুস্থ হৈ পৰিছিল । সকামৰ প্ৰসাদ গ্ৰহণ কৰাৰ পাছতে সংঘটিত হৈছিল এই কাণ্ড। আক্ৰান্তসকল পেট বিষ, ডায়েৰীয়া, বমি আদি বিভিন্ন ধৰণৰ সমস্যাত আক্ৰান্ত হৈছিল । এই আক্ৰান্ত সকলৰ ভিতৰত শিশু মহিলাও আছিল ।

বহুতে সুস্থ হৈ ঘৰলৈ গৈছে যদিও বৰ্তমানেও অৰ্ধ শতাধিক ৰোগী চাবুৱা মডেল হাস্পতালত চিকিৎসাধীন হৈ আছে । চিকিৎসালয়ত উপস্থিত হৈ চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ৰোগী সকলৰ স্বাস্থ্য বুজ লয় । লগতে শিশু আৰু মহিলা সকলৰ বাবে বিশেষজ্ঞ চিকিৎসক নিয়োগ কৰিবলৈ চিকিৎসালয়ৰ পৰাই স্বাস্থ্যমন্ত্ৰীক আহ্বান জনোৱা বুলিও জানিবলৈ দিয়ে বিধায়ক জনে ।

লগতে পঢ়কঃ নগাঁৱৰ চৰ-চাপৰিত বাঢ়িছে সন্দেহ নাগৰিকৰ বেদখল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.