ETV Bharat / city

Assam municipal election: চাবুৱাত দুস্কৃতিকাৰীয়ে জ্বলালে অগপৰ নিৰ্বাচনী কাৰ্যালয়

author img

By

Published : Mar 2, 2022, 4:06 PM IST

পৌৰসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত চাবুৱাত নিৰ্বাচনী হিংসাৰ ঘটনা (Pre poll violation in Chabua) ৷ দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে অসম গণ পৰিষদৰ নিৰ্বাচনী কাৰ্যালয় ৷

Pre poll violation in Chabua
Pre poll violation in Chabua

মৰাণ, 2 মাৰ্চ : চাবুৱাত পৌৰসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত হিংসাত্মক ঘটনা । দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে অসম গণ পৰিষদৰ নিৰ্বাচনী কাৰ্যালয় (Miscreant burnt AGP election office at Chabua) ৷ চাবুৱা পৌৰসভাৰ ২ নং ৱাৰ্ডৰ প্ৰাৰ্থী বাপন পালৰ কাৰ্যালয়টোত নিশা কোনো দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰে ৷ বাপন পাল চাবুৱাৰ জ্যেষ্ঠ সাংবাদিক আছিল আৰু অসম গণ পৰিষদত যোগদান কৰাৰ পিছত দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল ৷

ইয়াৰ পূৰ্বে নিশাৰ ভাগত বিজেপি আৰু অগপ কৰ্মীৰ মাজত নিৰ্বাচনী প্ৰচাৰক লৈ তীব্ৰ বাক বিতণ্ডা চলিছিল বুলি জানিব পৰা গৈছে (AGP BJP clash in Chabua)। দুষ্কৃতিকাৰীয়ে অসম গণ পৰিষদৰ নিৰ্বাচনী কাৰ্যালয় জ্বলাই দিয়া কাৰ্যত সমগ্ৰ ডিব্ৰুগড়তে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে, অহা 6 মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যৰ পৌৰসভা নিৰ্বাচন (Assam municipal election) ৷ ইতিমধ্যে ৰাজনৈতিক দল সমূহে প্ৰচাৰ কাৰ্যসূচী তীব্ৰতৰ কৰি তুলিছে ৷ বিধানসভাত মিত্ৰতা অক্ষুন্ন থকাৰ পাচতো কিন্তু পৌৰসভা নিৰ্বাচনত পৃথকে পৃথকে যুঁজত অৱতীৰ্ণ হৈছে অগপ আৰু বিজেপি ৷ অৱশ্যে যিসমূহ আসনত বন্ধুত্বসুলভ প্ৰতিদ্বন্দিতা হোৱা নাই, তেনে স্থান সমূহত উভয়ে উভয়ক প্ৰচাৰ কাৰ্যত সহায় কৰাও দেখা গৈছে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ দখলত থাকিব নগাঁও পৌৰসভা : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.