মৰাণ, 14 ডিচেম্বৰ: ৰাজ্যত নতুনকৈ জন্মলাভ কৰা 'অসম জাতীয় পৰিষদ' আৰু 'ৰাইজৰ দলে' ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰি ২১ ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ১৬ আৰু ১৭ ডিচেম্বৰত ঐতিহাসিক শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসত জন্মলাভ কৰা অসম জাতীয় পৰিষদৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হ'ব ৷ তেনে সময়তে ৰাজ্যত চৰ্চা চলিছিল এই অভিৱৰ্তনতে আছু ত্যাগী প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদত যোগদান কৰি দলটোক ৰাইজৰ মাজলৈ আগুৱাই নিব ৷
এই সম্পৰ্কে মৰাণত সাংবাদিকৰ আগত নিজৰ স্থিতি স্পষ্ট কৰি নেতা জনে ক'লে, ৰাইজক অন্ধকাৰত ৰাখি তেওঁ কোনো কাম নকৰে ৷ তেওঁ পূৰ্বেৰে পৰাই কৈ অহা কথাবোৰ আজিও পালন কৰিব ৷ তেওঁক লৈ ভিন্ন মহলত ভিন্ন ধৰণৰ কথা প্ৰচাৰ চলাক লৈয়ো তেওঁ মন্তব্য কৰে ৷ বহুতে তেওঁ কংগ্ৰেছ নতুবা বিজেপিত যোগদান কৰিব বুলি কৈছে ৷ অন্য কিবা কাৰণত আছু ত্যাগ কৰা বুলিও বহুতে ক'ব বিচাৰিছে ৷ কিন্তু তেওঁ কি কৰিব সেই কথা কম দিনৰ ভিতৰে ৰাইজক জনাব বুলি তেওঁ মন্তব্য কৰে ৷
লগতে পঢ়ক: ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ’ল দিহিং-পাটকাই