ETV Bharat / city

পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া - আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ

সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি মন্তব্য কৰে গগৈয়ে ৷

সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু
আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ
author img

By

Published : Nov 13, 2020, 6:11 PM IST

ডিব্ৰুগড়, 13 নৱেম্বৰ : কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ তেওঁ মন্তব্য কৰে যে, এইখন চৰকাৰৰ দিনত জনসাধাৰণৰ নিৰাপত্তাই নহয়, সাংবাদিক সকলৰো নিৰাপত্তা নাইকীয়া হৈছে । পূৰ্বৰ প্ৰফুল্ল কুমাৰ মহন্তৰ দিনৰ গুপ্তহত্যা, হিতেশ্বৰ শইকীয়াৰ দিনৰ মুক্ত হত্যাতকৈয়ো ভয়াবহ হৈ পৰিছে এতিয়া অসমৰ পৰিস্থিতি । পৰাগ কুমাৰ ভূঞাৰ মৃত্যু এক গভীৰ ৰহস্য আৰু ই এই চৰকাৰৰ পৰিকল্পিত হত্যাকাণ্ড বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে ।

পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

তেওঁ লগতে কয় যে, বৰ্তমানৰ চৰকাৰে ৰাজনৈতিকভাৱে বিভিন্নজনক সুৰক্ষা প্ৰদান কৰি আহিছে; কিন্তু সৰ্বসাধাৰণ ৰাইজ তথা সাংবাদিক সকলক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৷ চিবিআইৰ তদন্ত ঘোষণা কৰিয়েই দায়িত্ব সামৰিলে নহ'ব বুলিও ক্ষোভ উজাৰে লুৰিণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক : কৰিমগঞ্জত ভূ-মাফিয়াৰ দপদপনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.